
সোমবাৰে (Monday) বকাৰী গোচৰত অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal case) আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে (Hearing of Supreme Court)। দিল্লীৰ মুখ্যমন্ত্ৰীৰ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিভাগীয় বিচাৰপীঠে। ইডিৰ গ্ৰেপ্তাৰ অবৈধ বুলি দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালে গোচৰ ৰুজু কৰে। কিন্তু উচ্চ ন্যায়ালয়ে কয় যে ইডিৰ গ্ৰেপ্তাৰ অবৈধ নহয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে।

উল্লেখযোগ্য যে দিল্লী আবকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। ইয়াৰ পিছতে আপ প্ৰধানে তেওঁৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপে। যোৱা মঙলবাৰে গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কয় যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অবৈধ নহয়। ইডিয়ে আদালতত কয় যে তেওঁলোকৰ হাতত কেজৰিৱালৰ বিৰুদ্ধে প্ৰমাণ আছে। কেন্দ্ৰীয় তদন্ত সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰীকো আবকাৰী গোচৰৰ ‘প্ৰধান’ হিচাপে চিনাক্ত কৰিছে। ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা আবেদনে সময়ৰ পৰীক্ষাত থিয় দিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ।
দিল্লী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত কেজৰিৱালে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। যোৱা বুধবাৰে তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কেজৰিৱালৰ গোচৰৰ শীঘ্ৰে শুনানিৰ বাবে আবেদন জনায়। কিন্তু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ইয়াক বিচাৰপীঠে খাৰিজ কৰে। সূত্ৰ অনুসৰি, সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব।
উল্লেখযোগ্য যে ১ এপ্ৰিলত দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰী গোচৰত কেজৰিৱালক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। সোমবাৰে অন্ত পৰিব আপ প্ৰধানৰ কাৰাদণ্ড। ১৫ এপ্ৰিলত ৰাউজ এভিনিউৰ আদালতত হাজিৰ হ’ব কেজৰিৱাল।











