শুকুৰবাৰে পুৱাৰ ভাগত এইবাৰ অসম চৰকাৰৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বোকাজান (Bokajan) খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৷
দুৰ্নীতি ৰোধৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ স্বৰূপে বোকাজানত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা অধীক্ষকৰ কাৰ্যালয়ত এজন জ্যেষ্ঠ সহায়কক আটক কৰিবলৈ সক্ষম হয় ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে ৷
কাৰ্বি আংলঙৰ বোকাজানত গুৰুপদ দাস নামৰ অভিযুক্তই অভিযোগকাৰীৰ পৰা অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে কাৰ্যালয়ত দাবী কৰা উৎকোচ ২৫০০ টকা গ্ৰহণ কৰাৰ পিছতে আটক কৰা হয় গুৰুপদ দাসক ৷ উল্লেখ্য যে বোকাজান খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত কৰ্মৰত ধৃত গুৰূপদ দাসৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও আছে যথেষ্ট অভিযোগ।
এনেবোৰ অভিযোগৰ ভিত্তিতেই আজি হাতে লোটে আটক কৰে কৰ্মচাৰী জনক ।গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাই প্ৰায় ৩ ঘণ্টা ধৰি চলাই এই অভিযান । জানিব পৰা অনুসৰি ধৃত গুৰুপদ দাসৰ ডিফুস্থিত বাসগৃহটোত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় আৰু এই অভিযান কালত ৪০০০০ টকা উদ্ধাৰ হোৱাৰ খবৰ জানিব পৰা গৈছে