অল পার্টি হিলচ লীডাৰ্ছ কনফাৰেঞ্চ (All Party Hills Leaders Conference) সমর্থিত নির্দলীয় প্রার্থী জে আই কাথাৰৰ (Independent candidate J.I. Kathar) হৈ আজি দলটোৱে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ (Election manifesto released) কৰে। কাৰ্বি আংলং আৰু ডিমা হাচাও বচাওক শীর্ষৰে নিৰ্বাচনী ইস্তাহাৰখন ডিফুৰ হেম্পী হোটেলত মুকলি কৰে। ইস্তাহাৰ মুকলি কাৰ্যসূচীত দলটোৰ সমৰ্থিত প্রার্থী তথা শীর্ষ নেতা জে আই কাথাৰ আৰু আন নেতাসকল উপস্থিত থাকে।
ইস্তাহাৰখনত প্রথমেই এখন স্বায়ত্ত শাসিত ৰাজ্য দাবী বিষয়টোৱে স্থান লাভ কৰিছে। ষষ্ঠ অনুসুচীভুক্ত পার্বত্য জিলা তিনিখনত ষষ্ঠ অনুসূচীৰ ক্ষমতা কর্তন হোৱা বুলি উল্লেখ কৰি কাথাৰে ষষ্ঠ অনুসুচীত অন্তর্ভুক্ত বিভিন্ন জনগোষ্ঠীৰ লগতে অসমীয়া আৰু আদিবাসী সকলৰ বাহিৰে আন বহিৰাগত লোকৰ ভোটাধিকাৰ আৰু আন সা-সুবিধা নাথাকিব বুলি উল্লেখ কৰে।
কাথাৰে কয় যে বিগত ৭ বছৰে আমি বিভিন্ন নির্বাচনত অংশগ্রহণ কৰিছিলো আৰু আমি টর্চ লাইট নির্বাচনী প্রতীক হিচাপে লাভ কৰিছিলো। এইবাৰ আমাৰ নিৰ্বাচনী প্রতীক হ’ল কেঁচী (Symbol is scissors)। এই কেঁচীৰে আমি অনাধিকাৰ আৰু অকর্তৃত্বশীলভাবে আমাৰ পাহাৰীয়া জিলাত থকা অজনজাতীয় লোকসকলৰ নাম ভোটাধিকাৰৰ পৰা কৰ্তন কৰিবলৈ সক্ষম হ’ম বুলি দাবী কৰে। টর্চত মামৰে ধৰিলে বুলি ব্যংগ কৰি সেয়ে এই টর্চ আমি কাম নোহোৱা দললৈ প্ৰদান কৰিলো বুলিও কাথাৰে জিএছপি দলক কটাক্ষ কৰে।
আজি প্রকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত স্বায়ত্ত শাসিত ৰাজ্যৰ উপৰি ষষ্ঠ অনুসূচী শক্তিশালী কৰা, পাহাৰীয়া জিলাৰ শিক্ষাৰ মান উন্নত কৰা, সীমা সমস্যা সমাধা কৰা আৰু সুৰক্ষা প্ৰদান কৰা, নিবনুৱা সমস্যা সমাধা কৰা আদি প্রধান। আনহাতে, স্থানীয় জনজাতীয় আৰু খিলঞ্জীয়া লোকক ব্যৱসায়-বাণিজ্য কৰাৰ বাবে দুই শতাংশ সুদত ১০ লাখ টকাকৈ প্ৰদান কৰাৰো আশ্বাস প্রদান কৰা হয়।
পৰিষদত আৰু অসম চৰকাৰৰ বিভিন্ন পদত নিয়োগৰ ক্ষেত্ৰত হোৱা স্বজন-তোষণ ৰোধ কৰাৰ উপৰি পৰিয়ালকেন্দ্রীক শাসন ওফৰোৱাৰো নিশ্চিতি প্রদান কৰে ইস্তাহাৰত। ইয়াৰোপৰি বৰ্তমান কাৰ্বি আংলঙত চলি থকা একনায়কত্ববাদ ওফৰোৱাৰো প্রতিশ্রুতি প্রদান কৰা হয়। মহিলাসকললৈও ইস্তাহাৰত বিত্তীয় সাহায্য প্রদানৰ ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ১ লাখ টকা পর্যন্ত সুদ বিহীন ধন প্ৰদান কৰাৰ আশ্বাস প্রদান কৰা হয়। ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নির্মাণৰো প্রতিশ্রুতি আছে ইস্তাহাৰত।
পাহাৰীয়া জিলাৰ অব্যবহৃত ভূমিত খেতি কৰি কৃষি নিৰ্ভৰশীল কৰি তোলাৰো প্রতিশ্রুতি প্রদান কৰা হয় ইস্তাহাৰত। কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত ২০২৭ চনত অনুষ্ঠিত হ’ব লগীয়া নির্বাচনত ১০খন আসন মহিলাৰ বাবে সংৰক্ষণৰো আশ্বাস আছে আজি প্রকাশিত দলটোৰ নির্বাচনী ইস্তাহাবত।