
সোমবাৰে পুৱাৰ ভাগত ডিফুত অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে (ASDC) এক সংবাদমেল (PressMeet)ৰ আয়োজন কৰে৷ কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাত অনা কাৰবিৰ নামেৰে আসোঁৱাহ পূৰ্ণ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিবাদত এপিএইছএলচি দলে তীব্ৰ প্ৰতিবাদ কৰিছিল যদিও পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থী মনোনিত কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

এইবাৰো এপিএইছএলচি দলে প্ৰতিদ্বন্ধিতা আগবঢ়াইছে বুলি সংবাদমেলত মন্তব্য কৰে এএছডিচি দলৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব ডেনিয়েল টেৰণে (Daniel Terron)৷ ডেনিয়েল টেৰণে এপিএইছএলচি দলৰ নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰাৰ নৈতিক অধিকাৰ নাই বুলি সংবাদমেলত দাবী কৰে এএছডিচিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ বিভাগৰ সচিব ডেনিয়েল টেৰণে৷ টেৰণে উদাহৰণ দাঙি ধৰি কয় যে, ১৯৮০ চনত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ভোটাৰ তালিকাত সন্দেহযুক্ত বাংলাদেশীৰ নামৰ তালিকাৰে আঁসোৱাহ পূৰ্ণ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে নিৰ্বাচন বৰ্জন কৰিছিল৷ সেয়ে এপিএইছএলচি দলৰো একেই সিদ্ধান্ত হিছাপে নিৰ্বাচন খেলাৰ নৈতিক অধিকাৰ নাই বুলি কয় এএছডিচিৰ প্ৰচাৰ সচিবগৰাকীয়ে৷













