২৬ এপ্ৰিলত অসমৰ ৫টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ (Assam’s second phase of elections) বাবে পৰীক্ষাৰ পিছত ৬৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীৰ মনোনয়ন পত্ৰ নাকচ (Nomination papers of three rejected) কৰা হৈছে। এগৰাকী নিৰ্বাচনী বিষয়াই শনিবাৰে এই কথা প্ৰকাশ কৰে।
নগাঁৱত দুজন আৰু কৰিমগঞ্জত এজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। ইয়াৰ বিপৰীতে শিলচৰ (এছ চি), দৰং-ওদালগুৰি আৰু ডিফুত (এছ টি) দাখিল কৰা সকলো কাগজ-পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ অন্তিম দিনটোত দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।
ইয়াৰে ভিতৰত নগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী বিশ্বজিৎ বৰদলৈ আৰু সমৰ ৰাজ পাৰ্টিৰ হৰেন ভূমিজৰ মনোনয়ন নাকচ হোৱাৰ বিপৰীতে বাকী ১৩ জনৰ মনোনয়ন বৈধ হিচাপে গৃহীত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱৰ বিশিষ্ট প্ৰাৰ্থীসকল হৈছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু এআইইউডিএফৰ আমিনুল ইছলাম।
আনহাতে, কৰিমগঞ্জত, নিৰ্দলীয় প্ৰাৰ্থী বিপ্লব দাসৰ মনোনয়ন নাকচ কৰা হয়। মনোনয়ন বৈধ ঘোষণা কৰা আন ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে বৰ্তমানৰ বিজেপি সাংসদ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এআইইউডিএফৰ চাহিবুল আলম চৌধুৰী।
ইফালে দৰং-ওদালগুৰিত বৰ্তমানৰ বিজেপি সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী, বিপিএফৰ দুৰ্গা দাস বড়োকে ধৰি আন ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি ধৰা হৈছে।
উল্লেখযোগ্য যে শিলচৰত আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হৈছে। প্ৰাৰ্থীকেইগৰাকী হৈছে বিজেপিৰ ৰাজ্যিক মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু টিএমচিৰ ৰাধেশ্যাম বিশ্বাস। একেদৰে ডিফুত (এছ টি) পাঁচোখন মনোনয়ন বৈধ হিচাপে ধৰা হৈছে।
উল্লেখযোগ্য যে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ এপ্ৰিল। অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।