
অৱকাৰী দুর্নীতি গোচৰত ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে (Chief Minister Arvind Kejriwal) জে’লৰ পৰাই মুখ্যমন্ত্রীৰ দায়িত্ব পালন (Chief Minister from jail) কৰি আছে। কিন্তু তেওঁক মুখ্যমন্ত্রী পদৰ পৰা অপসাৰণৰ আর্জি (Order to be removed from the post of Chief Minister) জনাই দিল্লী হাইকোর্টত গোচৰ তৰা হৈছে। বৃহস্পতিবাৰে উক্ত গোচৰ খাৰিজ কৰে দিল্লী হাইকোর্টৰ (Delhi High Court dismisses case) ভাৰপ্রাপ্ত প্রধান ন্যায়াধীশ মনমোহনৰ নেতৃত্বাধীন বিচাৰপীঠে। ইয়াকে লৈ তৃতীয় বাৰ একেই আর্জিৰ গোচৰ খাৰিজ কৰে আদালতে।

ভাৰপ্রাপ্ত প্রধান ন্যায়াধীশে এই গোচৰ খাৰিজ কৰি কয়, ‘‘তেওঁ মুখ্যমন্ত্রী হৈ থাকিবনে নাই সেইটো তেওঁৰ নিজৰ বিষয়। গণতন্ত্রক নিজৰ পথত চলিবলৈ দিয়ক।’’ উল্লেখযোগ্য যে এই গোচৰটো ৰুজু কৰিছিল হিন্দু সেনা নামৰ এটি সংগঠনৰ সভাপতি বিষ্ণু গুপ্তাই।











