অসমৰ তিনি পাৰ্বত্য জিলা ক্ৰমে কাৰবি আংলং, পশ্চিম কাৰবি আংলং আৰু ডিমা হাছাওৰ বাবে থকা একমাত্ৰ ৬ নং (জনজাতি) লোকসভা সমষ্টি (Diphu Lok Sabha constituency)ৰ বাবে দ্বিতীয় পৰ্যায়ত শাসকীয় বিজেপি দলৰ হৈ অমৰচিং তিচ’ আঞ্চলিক ৰাজনৈতিক দলৰ হৈ জে আই কাথাৰ, এএছডিচি দলৰ হৈ জৎছন বে আৰু কংগ্ৰেছ মিত্ৰ জোঁটৰ হৈ জয়ৰাম ইংলেঙে (Jairam Inglang of Congress allies) মনোনয়ন পত্ৰ দাখিল (Filing of nomination papers) কৰিছে ৷ বুধবাৰে পুৱা সমাগত লোকসভা নিৰ্বাচনৰ বাবে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্বত ৬নং ডিফু জনজাতি লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি ডিফু আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Congress Committee President) ভূপেন বৰা (Bhupen Bora)ই হেলিকাপ্তাৰ যোগে ডিফুত উপস্থিত হৈ সহস্ৰাধিক সমৰ্থক লগতলৈ ঢোলে-ডগৰে সমদল কৰি মনোনয়ন দাখিল কৰে৷ সমদলত অংশগ্ৰহন কৰি ভূপেন বৰাই কয় যে, অসমৰ মানুহ এতিয়া মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নাযায়৷ এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ জয় নিশ্চিত৷ মুখ্যমন্ত্ৰী এতিয়া অসমৰ মূল বিষয়ৰ পৰা আতৰি থাকিবলৈ বিচাৰিছে৷ ভূপেন বৰাই ওলোটাই প্ৰশ্ন কৰি কয় যে, অসম চুক্তিৰ ৫নং দফা ৰূপায়নৰ বিষয়টো এতিয়া কি হ’ল ? কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিষদ দুখনক নিজৰ পকেটত থকা দুখন ATM বুলি ভাৱে মুখ্যমন্ত্ৰীয়ে৷ মুঠতে মানুহৰ মগজ নিয়ন্ত্ৰণ কৰি ৰাইজক মূল বিষয়সমূহ পাহৰাই ৰাখিব বিছাৰিছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু অসমৰ মানুহে এইবাৰ মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভুল নায়ায়৷
তেওঁ লগতে ক’লে INDIA এলায়েন্স কাৰ্বি পাহাৰৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)ৰ পক্ষত আছে৷ INDIA এলায়েন্স ক্ষমতালৈ আহিলেই পাহাৰীয়া ৰাইজে লাভ কৰিব ২৪৪(ক)৷ পাহাৰত সংঘটিত হোৱা দুৰ্নীতি,লুণ্ঠন, ভ্ৰষ্টাচাৰ স্বজনতোষণৰ বিৰুদ্ধে আৰু ইয়াৰ ভবিষ্যৎ নৱ প্ৰজন্মৰ সুৰক্ষা, মানুহৰ সংস্থাপন, দুখীয়াৰ উপাৰ্জন বৃদ্ধি এনেবোৰ কংগ্ৰেছৰ মূল নিৰ্বাচনী ইছ্যু হ’ব বুলিও কয় বৰাই৷
লগতে বিজেপিয়ে দিয়া প্ৰলোভনৰ আৰু অৰুণোদয়ৰ বিপৰীতে কংগ্ৰেছে নলখিমীৰ আঁচনিৰ অধীনত মহিলাক ২৫শ টকাকৈ দিয়াৰ কথাও প্ৰকাশ কৰে ৷ উল্লেখযোগ্য ৬নং ডিফু সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনোয়নপত্ৰ দাখিল বাবে উলিওঁৱা হৈছিল এক বিশাল সমদল৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওঁৱা সমদলৰ অন্তত ডিফুৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে৷ মনোনয়ন দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ সকলৰ লগতে কেইবা সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে৷
আনহাতে কাৰবি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতি দল ইট’নমাছ ষ্টেড ডিমাণ্ড কমিটি চমুকৈ এএছডিচি (ASDC) দলৰ মনোনীত প্ৰাৰ্থী জৎছন বে’য়ে সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ লগতে বহু কেইগৰাকী দলৰ শীৰ্ষ নেতাক সংগী হিছাপে লৈ ডিফু আয়ুক্ত কাৰ্যালয় মনোনয়ন দাখিল কৰে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাৰ্থী জৎছন বেই (Candidate Jatson Bay) কয় যে, আমি নিৰ্বাচনত জয়ী হ’লে বা নহ’লেও ৰাইজৰ হকে কাম কৰি যাম৷ যদি আমি বিজয়ী হৈ দিল্লীলৈ যাও তেনেহলে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্চেদৰ সুবিধা অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবী আৰু সীমা সমস্যা সমাধানৰ বাবে বলিষ্ঠভাবে দাবী উত্থাপন কৰিম৷