মঙলবাৰে নিশা প্ৰায় ৮ মান বজাত খটখটী থানা এলেকাৰ লাহৰিজান (Lahorijan) বাগান বস্তিৰ বিষ্ণু মন্দিৰৰ কাষত খটখটী আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত লাহৰিজান বাগান এলেকাৰ নিৱাসী ইউছুৱ আলীৰ ঘৰত অভিযান চলাই শোৱা বিছনাৰ তলৰ পৰা এটা পইণ্ট ৩২ পিষ্টল আৰু এক জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ইউছুৱ আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷