অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া ৬ নং ডিফু লোকসভা সমষ্টিত (Diphu Lok Sabha constituency) আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত এক নতুন মাত্ৰা প্ৰদান কৰি বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৰ সমৰ্থনত ডিফুত প্ৰচাৰ (Campaign in support of BJP candidate Amarsingh Tiss) অভিযান চলায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma)। আজি দুপৰীয়াৰ ভাগত ডিফুত হেলিকপ্টাৰযোগে উপস্থিত হোৱাৰ পিছতে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ডিফু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৰ সমৰ্থনত ভোটদান কৰিবলৈ সমষ্টিবাসীক আহ্বান জনায়।
প্ৰায় বিশ মিনিট জোৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা অৰ্ধ লক্ষাধিক লোকক বিজেপি দলৰ প্ৰাৰ্থীক তিনিলাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ বাবে আহ্বান জনায়। ৰেচন কাৰ্ড থকা সকলো লোকেই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰীকে দহ হাজাৰ তথা স্নাতক শাখাত ভৰ্তি হোৱা ছাত্ৰীক ১২,৫০০ আৰু স্নাতকোত্তৰ শাখাত ভৰ্তি হোৱা ছাত্ৰীক ২৫ হাজাৰৰো টকাৰ সাহায্য প্ৰদান কৰা হʼব বুলি ঘোষণা কৰে। লগতে কাৰ্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম এই বছৰতে আৰম্ভ কৰা হʼব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।
কাৰ্বি আংলং আৰু ডিমা হাছাওত ভালেখিনি উন্নয়নমূলক কাম হোৱা বুলি মন্তব্য কৰি দুয়োখন জিলাতে বিশ হাজাৰ কোটি টকা উন্নয়নমূলক কামৰ বাবে মুকলি কৰি দিয়া বুলি উল্লেখ কৰে। জিলাখনলৈ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ভ্ৰমণলৈ অহাৰ প্ৰসংগ উল্লেখ কৰি কাৰ্বি যুৱ মহোৎসৱলৈ এইবাৰ বেয়া বতৰৰ বাবে ৰাষ্ট্ৰপতি আহিব নোৱাৰিলে যদিও পৰৱৰ্তী বৰ্ষত কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতিক পুনৰ আমন্ত্ৰণ জনোৱা হʼব বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে কাৰ্বি যুৱ মহোৎসৱলৈ প্ৰতি বছৰে চৰকাৰে তিনি কোটিকৈ টকা আগবঢ়োৱাৰ লগতে এই মহোৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া হʼব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
পাহাৰীয়া এলেকাত সম্প্ৰতি শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি দাবী কৰি ভাষণ প্ৰসংগত বিৰোধী দল কংগ্ৰেছ আৰু এপিএইচএলচিক কঠোৰ ভাষাৰে সমালোচনা কৰে। দল দুটাৰ গাড়ী আছে যদিও টায়াৰ, ইঞ্জিন একো নাই বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু এলেকাত বিস্তৰ উন্নয়নমূলক কাম-কাজ হোৱা বুলি দাবী কৰি আগত নিৰ্বাচনত সংখ্যালঘূ মহিলা আৰু যুৱতীৰ আশীৰ্বাদ বিজেপি দলে লাভ কৰিব বুলি কয়।
আনহাতে, ধুবুৰী সমষ্টিত বিজেপি দলৰ বিজয় সহজ নহয় যদিও সমষ্টিটোৰ চাৰিটা বিধানসভা সমষ্টিত বিজেপিৰ ভোটৰ হাৰ বৃদ্ধি হʼব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই লগতে দাবী কৰে। আজিৰ সভাখনত মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা,বিটিএডি প্ৰধান প্ৰমোদ বড়ো, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ হৰেণছিং বেʼ, প্ৰাৰ্থী অমৰছিং তিচʼৱে ভাষণ প্ৰদান কৰে। বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ পৰিষদীয় সদস্য , কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে। ইয়াৰ পিছত কেইবা হাজাৰ সমৰ্থকৰ অংশগ্ৰহণেৰে সমদল কৰি গৈ আজি ডিফু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৱে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।