কাৰ্বি আংলং (Karbi Anglong) আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা (এতিয়াৰ ডিমা হাছাও (Dima Hasao))ক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য (Autonomous State) গঠনৰ দাবীত চলা কেইবা বছৰ জোৰা আন্দোলনৰ অন্তত পাহাৰীয়া এলেকাটোৰ দল-সংগঠনসমূহ আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিয়ে (MoU Agreement) আজি ২৯ বছৰত ভৰি (29 years) দিছে।
উক্ত দিনটোক স্মৰণ কৰি আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি স্বায়ত্বশাসিত ৰাজ্য দাবী আন্দোলনৰ অন্যতম নেতা ৰবীন্দ্ৰ ৰংপিয়ে উক্ত চুক্তিৰ জৰিয়তে এএছডিচি (ASDC) আৰু কাৰ্বি ছাত্ৰ সন্থা (KSU)ই ইতিহাস ৰচনা কৰা বুলি মন্তব্য কৰে। বুজাবুজি চুক্তিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে অধিক ক্ষমতা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিষদে কেইবাটাও বিভাগৰ দায়িত্ব লাভ কৰা বুলি দাবী কৰে। আন্দোলনত ভালেসংখ্যক লোকে কাৰাবৰণ কৰাৰ লগতে বহুজনে প্ৰাণ হেৰুওৱা বুলি মন্তব্য কৰি এইসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে, আন্দোলনৰ মূল দাবী ভাৰতীয় সংবিধানৰ ২৪৪(ক) কাৰ্যকৰীকৰণ নোহোৱা পৰ্যন্ত আন্দোলন ক্ষান্ত নহয় বুলি ৰংপিয়ে কয়।