✔️ কাৰ্বি আংলং জিলাৰ এগৰাকী
আগশাৰীৰ কবি, সাহিত্যিক তথা শিক্ষয়িত্ৰী অনুপ্ৰভা হাজৰিকাৰ অকাল বিয়োগ
✔️ শনিবাৰে নিশা ৪৭ বছৰ বয়সত সৰবৰহি মহিলা গৰাকীৰ মৃত্যু হয় গুৱাহাটীৰ মেডিকেল কলেজত ৷
✔️ ‘এমুঠি জোনাকৰ’ ৰ স্ৰষ্টা অনুপ্ৰভাৰ মৃত্যুত শোকস্তব্ধ বকলীয়াঘাটৰ বিভিন্ন দল সংগঠন ৷
✔️ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ লগতে কাৰ্বি আংলং জিলা সমিতিৰো সহ সম্পাদীকা আছিল অনুপ্ৰভা ৷
✔️ বকলীয়াঘাট সাৰ্বজনীন বিহু সমিতিৰ স্মৃতিগন্থ ‘ কেতেকী’ৰ সম্পাদীকা, শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখা ‘নামামৃত’ ৰ প্ৰাক্তন সম্পাদীকা আছিল অনুপ্ৰভা হাজৰীকা ৷
✔️ বোকাঘাটৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে বিগত বৰ্ষত তেওক প্ৰদান কৰিছিল ‘কাব্য সৌৰভ‘ বঁটা ৷
✔️ বকলীয়াঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰে জড়িত আছিল সৰবৰহি মহিলা গৰাকী ৷
✔️ শোকস্তব্ধ বকলীয়াঘাটৰ অগ্ৰণী মহিলা সকলে তেওৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি তেওৰ আত্মাৰ সদগতি কামনা কৰে ৷
✔️ মৃত্যুৰ সময়ত আই গৰাকীয়ে এটি কনমানি কণ্যা সন্তান, স্বামীৰ লগতে
পৰিয়ালক ইহ সংসাৰত এৰি থৈ যায় ৷