দেউবাৰে বিয়লি ২-৩০ মিনিটত ডিফুত কাৰবি আংলং জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কৰ্মকৰ্তা আৰু নেতা সকলক শিলনি বনভোজ স্থলীত কাৰবি পহ’ৰে সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰমহাঙ আৰু ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰথী আমৰচিং তিচ’ৱে ।
লোক সভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতা কৰ্মী সকলৰ মনোবল বৃদ্ধি আৰু দলীয় স্থিতি শক্তিশালী কৰাৰ বাবেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উক্ত অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেঙ আৰু বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷