দেউবাৰে সন্ধিয়া প্রায় ৫ বাজি ৩০ মিনিটত ডিফু ৰাংছিনা ভৱনত “ জংছন” মেলেং খ্যাত বিশিষ্ট ঔপন্যাসিক কার্বি লোক-সংস্কৃতিৰ গৱেষক প্রয়াত বসন্ত দাসৰ (Basanta Das) স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানটিক পৌৰোহিত্য কৰে ডিফু সাহিত্য সভাৰ সভাপতি পুতুল চেতিয়াই। নির্দিষ্ট বক্তা হিছাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই বহুমূলীয়া বক্তব্য প্রদান কৰে ৷ আনহাতে উক্ত অনুষ্ঠানও সাবিত্রী গগৈ, অজিত চিংনাৰ , ৰবিন গোস্বামী, ভৱেন বৰুৱা , আৰু কেইবা গৰাকী সাহিত্য নুৰাগী ব্যক্তি উপস্থিত থাকে।