
ডিফুত আজি প্ৰথমখন মনোনয়নপত্ৰ দাখিল (Files nomination papers in Diphu) কৰে এ পি এইছ এল চিৰ নেতা (Leader of APHLC) জন ইংতি কাথাৰে (John Ingti Kathar)৷ দেশৰ বিভিন্ন সমষ্টিত ২৬ এপ্ৰিলত হ’ব লগা লোকসভা নিৰ্বাচনৰ দিনা ৬ নং ডিফু লোকসভা সমষ্টিটো হ’ব ভোটগ্ৰহণ ৷ আজি প্ৰাক্তন আই এ এছ বিষয়া তথা এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে দলীয় সমৰ্থকসকলক লগত লৈ জিলা আয়ুক্ত তথা ৰিৰ্টানিং বিষয়া মধুমিতা ভাগৱতীৰ হাতত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে৷

মনোনয়নপত্ৰ দাখিল কৰি আহি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে এইবাৰ তেওঁ ৫ লাখ ভোট লাভ কৰি জয়ী হ’ব৷ কাৰবি, ডিমাছা, তিৱা, কুকি, গাৰো, মানটাই, অসমীয়া, আদিবাসী, বড়োকে ধৰি সকলো খিলঞ্জীয়া লোকে তেওঁক ভোট দিব বুলি তেওঁ দাবী কৰে৷ তেওঁ কয় যে জনতাৰ কাষলৈ তেওঁলোকৰ দলে কা আইনৰ বিৰোধিতা, ইউ চি চি ৰ বিৰোধিতা কৰা, সংবিধানৰ ষষ্ঠ অনুসুচীৰ ক্ষমতা ৰক্ষা কৰাৰ লগতে পাহাৰত বসবাস কৰা সকলো খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষা কৰাৰ ইচ্ছু লৈ গৈছে৷ জনতাই দলটোক অকুন্ঠ সমৰ্থন দিছে বুলি দাবী কৰে৷

আনহাতে ডিফু লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ই ২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৪০ হাজাৰ সমৰ্থক লগত লৈ মনোনয়নপত্ৰ দাখিল কৰিব ৷ ৩ তাৰিখে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং , এ এছ ডি দলৰ প্ৰাৰ্থী জৎছন বেয়ে মনোনয়নপত্ৰ দাখিল কৰিব৷ গণ সুৰক্ষা পাৰ্টিৰ হৈ বাৰ্ণাড চাংমাই মনোনয়নপত্ৰ দাখিল কৰাৰ কথা আছে যদিও বৰ্তমানলৈকে তেওঁ মনোনয়নপত্ৰ সংগ্ৰহ কৰা নাই৷












