আগন্তুক এটা সপ্তাহত উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনত (North-Eastern States) বৰষুণৰ আগজাননী (Forecast of rain) প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। এই সময়ছোৱাত অসমত ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ প্ৰভাৱত অনাগত দিনবোৰত উত্তৰ-পূবৰ ৰাজ্যবোৰত তীব্ৰ বৰষুণৰ সম্ভাৱনা (Chances of heavy rain) ব্যক্ত কৰা হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত বজ্ৰপাত আৰু তাৰ লগতে বৰষুণৰ আগজাননী দিছে।
আইএমডিয়ে অসমৰ উপৰি অৰুণাচলৰ বেছিভাগ অংশ আৰু উপ-হিমালয় পশ্চিমবংগ, ছিকিম আৰু বাকী ভগ্নী ৰাজ্যসমূহত শনিবাৰৰ পৰা বুধবাৰলৈকে প্ৰভাৱ পেলাব (Will impact from Saturday to Wednesday) বুলি ভৱিষ্যতবাণী কৰিছে।
সাম্প্ৰতিক পূৰ্বানুমান অনুসৰি, শনিবাৰে আৰু সোমবাৰে অৰুণাচল, অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হ’ব। আনহাতে, এই গ্ৰীষ্মকালৰ প্ৰথম অতি ধাৰাসাৰ বৰষুণে দেওবাৰে এই তিনিখন ৰাজ্যক আঘাত কৰিব।