লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ পূৰ্বে বিপদত পৰিছে কংগ্ৰেছ (Congress in danger)। পুনৰ আয়কৰ বিভাগৰ ৰোষত পৰিছে কংগ্ৰেছ (Congress again trap of Income Tax Department)। এইবাৰ ১৭০০ কোটি টকা জৰিমনা বিচাৰি কংগ্ৰেছলৈ জাননী (Rs 1700 crore fine notice to Congress) প্ৰেৰণ। কেন্দ্ৰীয় সংস্থাটোৰ এক সূত্ৰ মতে, ২০১৭-১৮ চনৰ পৰা ২০২০-২১ চনলৈকে আয়কৰ ৰিটাৰ্ণ পৰ্যালোচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
আনহাতে, আয়কৰৰ জাননী পোৱাৰ কথা স্বীকাৰ কৰি কংগ্ৰেছ নেতা অজয় মাকেনে শুকুৰবাৰে কয়, “পুৰণি ভিত্তিহীন অভিযোগৰ ভিত্তিত আয়কৰ ৰিটাৰ্ণৰ পুনৰ মূল্যায়নৰ নামত কংগ্ৰেছৰ বিৰুদ্ধে পূৰ্ব পৰিকল্পিত আক্ৰমণ আৰম্ভ হৈছে।” ইফালে আয়কৰ সূত্ৰই দাবী কৰিছে যে বাকী থকা কৰ আৰু ইয়াৰ সুত আৰু জৰিমনা মিলাই ১৭০০ কোটি টকা দিব লাগিব দলটোৱে। আয়কৰ আইনৰ ১৩(১) ধাৰা উলংঘা কৰাৰ প্ৰমাণ পোৱাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৩ মাৰ্চত আয়কৰ আপীল ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে কংগ্ৰেছে কৰা আবেদন খাৰিজ কৰাৰ পিছতে আয়কৰ বিভাগে ধাৰাবাহিকভাৱে পদক্ষেপ আৰম্ভ কৰিছে।
বৃহস্পতিবাৰেও দিল্লী উচ্চ ন্যায়ালয়ে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ কৰ পুনৰ মূল্যায়নৰ বিৰুদ্ধে কংগ্ৰেছে কৰা নতুন আবেদন খাৰিজ কৰে। তাৰ পিছত নতুন জাননী প্ৰেৰণ কৰা হয়। ২০১৮-১৯ বৰ্ষৰ আয়কৰৰ অনিয়মৰ বাবে ১০৫ কোটি টকাৰ জৰিমনা বিহাৰ নিৰ্দেশৰ বিৰুদ্ধে ন্যায়িক হস্তক্ষেপ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল কংগ্ৰেছে। কিন্তু ১৩ মাৰ্চত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিচাৰপীঠে এই আবেদন নাকচ কৰে। বৃহস্পতিবাৰে ন্যায়াধীশ বাৰ্মাৰ বিচাৰপীঠে এই নতুন আবেদনো নাকচ কৰে।
ইয়াৰ পূৰ্বে ১৪ লাখ টকাৰ কথিত অমিলৰ বাবে কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰি ১৩৫ কোটি জৰিমনা আৰু সুত কৰ্তন কৰা হৈছিল। উক্ত গোচৰত ‘যুক্তি’ দেখুৱাই খাৰ্গেৰ দাবী যে ১৯৯ কোটি টকাৰ ভিতৰত ১৪.৪৯ লাখ টকা কংগ্ৰেছ একাউণ্টত নগদ ধন জমা হৈছিল। কংগ্ৰেছৰ সাংসদে উক্ত চান্দা দিছিল। নগদ ধনৰ লেনদেনৰ মাত্ৰ ০.০৭%ৰ বাবে ১০৬% জৰিমনা বিহা হৈছে।
২০১৭-১৮ চনত এই চান্দা লাভ কৰা হৈছিল। ইয়াৰ সাত বছৰৰ পাছত ১৩ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ মাত্ৰ তিনি সপ্তাহ পূৰ্বে একে পুৰণি কাৰণতে ২১০ কোটি টকাৰ জৰিমনা আৰোপ কৰা হয়। ইয়াৰ পিছত ১৩৫ কোটি টকা বলপূৰ্বকভাৱে জব্দ কৰা হয়। এই গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে নৰেন্দ্ৰ মোডী চৰকাৰক ‘প্ৰতিশোধৰ ৰাজনীতি’ৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত ১৭০০ কোটি টকা দাবী কৰি আয়কৰৰ নতুন জাননীখন ওলায়।
উল্লেখযোগ্য যে ২২ মাৰ্চত এআইচিচিৰ কোষাধ্যক্ষ অজয় মাকেনে অভিযোগ কৰিছিল যে আয়কৰ বিভাগে নতুন জাননী প্ৰেৰণ কৰিছে। তেওঁ কয়, “১৯৯৩-৯৪ চনত যেতিয়া প্ৰয়াত সীতাৰাম কেশৰী কংগ্ৰেছৰ কোষাধ্যক্ষ আছিল, তেতিয়াৰ পৰা ৩১ বছৰৰ পিছত জৰিমনা হিচাপ কৰিবলৈ কোৱা হৈছে।” এই প্ৰসংগত আয়কৰ বিভাগৰ যুক্তি যে আয়ৰ সৈতে জড়িত গোচৰটো ১৯৯৪-৯৫ চনৰ কৰ বিবাদ ২০১৬ চনলৈকে বাকী আছিল। আদালতৰ ৰায়দানৰ পাছতে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ছোনিয়া, ৰাহুল আৰু খাৰ্গেয়ে অভিযোগ কৰে যে কংগ্ৰেছক প্ৰথমে আয়কৰ বিভাগৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত লেনদেন বন্ধ কৰি দিয়া হৈছিল যাতে কংগ্ৰেছে লোকসভা নিৰ্বাচনত প্ৰচাৰ আৰু ৰাজনৈতিক কাৰ্যসূচীত ধন খৰচ কৰিব নোৱাৰে।