দেশৰ বিভিন্ন প্ৰান্তৰ ৬০০ অধিবক্তাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ পত্ৰ লিখি ন্যায়পালিকাৰ পবিত্ৰতাক লৈ উদ্বেগ প্ৰকাশ কৰে। এই ঘটনাক লৈ সমগ্ৰ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। আনহাতে, অধিবক্তাই পত্ৰ লিখাক লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi)।
আনহাতে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত তিনিটা প্ৰশ্ন উত্থাপন কৰে।
মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত অধিবক্তা সমাজে ভাৰতৰ ন্যায়িক ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। পত্ৰখনৰ কথা উল্লেখ কৰি মোডীয়ে কংগ্ৰেছৰ প্ৰসংগ টানি টানি কয়, “ভয়, হাৰাশাস্তি— এইবোৰ কংগ্ৰেছৰ পুৰণি সংস্কৃতি।”এক্স হেণ্ডেলৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “পাঁচ দশক পূৰ্বে তেওঁলোকে (কংগ্ৰেছে) নিজেই এটা প্ৰতিশ্ৰুতিবদ্ধ ন্যায়পালিকাৰ দাবী কৰিছিল। তেওঁলোকেই এতিয়া নিৰ্লজ্জভাৱে নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছে।”
মোডীয়ে লগতে লিখিছে, “তেওঁলোকে (কংগ্ৰেছে) দেশৰ বাবে কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে। ১৪০ কোটি জনতাৰ দেশখনে তেওঁলোকক নাকচ কৰিলে।”
আনহাতে, প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ কিছু ঘণ্টাৰ ভিতৰতে কংগ্ৰেছেও প্ৰত্যুত্তৰ দিয়ে। কংগ্ৰেছ সভাপতিয়ে মোডীক তিনিটা প্ৰশ্ন কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে যে যিহেতু আপুনি ভাৰতৰ প্ৰতিষ্ঠানসমূহক আপোনাৰ ব্যক্তিগত সম্পত্তি বুলি গণ্য কৰে, গতিকে আপোনাৰ বাবে মোৰ কেইটামান প্ৰশ্ন আছে। খাৰ্গেয়ে ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশৰ সংবাদমেল সন্দৰ্ভত প্ৰথম প্ৰশ্নটি কৰে। সেই সময়ত ন্যায়াধীশসকলে সংবাদমেল অনুষ্ঠিত কৰি তেতিয়াৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।
সেই বিষয়টো লৈ খাৰ্গেয়ে প্ৰশ্ন কৰে, “আপোনাৰ চৰকাৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশক কিয় ৰাজ্যসভালৈ মনোনীত কৰিলে?” মন কৰিবলগীয়া যে ২০২০ চনত মোডী চৰকাৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰামৰ্শ মতে।
ইফালে কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গাঙ্গুলিক লোকসভা নিৰ্বাচনত বিজেপিৰ টিকট দিয়াৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। তাৰ সমান্তৰালকৈ খাৰ্গেয়ে ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত আয়োগক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “উচ্চতম ন্যায়ালয়ে বাতিল কৰা আয়োগক কেন্দ্ৰীয় চৰকাৰে কিয় ঘূৰাই আনিলে?”
উল্লেখযোগ্য যে বৃহস্পতিবাৰে অধিবক্তা হৰিশ ছালভে, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰকে ধৰি ৬০০ অধিবক্তাই মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছিল।
পত্ৰখনত ন্যস্ত স্বাৰ্থজড়িত গোটসমূহে ন্যায়পালিকাক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা, আদালতৰ সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা আৰু ৰাজনৈতিক উদ্দেশ্যৰে ভিত্তিহীন অভিযোগ উত্থাপন কৰি দেশৰ ন্যায়পালিকাৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা সকলো গোচৰতে এনে ধাৰা দেখা যায় বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। এনে কাৰ্যৰ ফলত আদালতৰ মৰ্যাদা আৰু আইনৰ শাসনৰ ধাৰণা ক্ষতিগ্ৰস্ত হোৱা বুলিও পত্ৰখনত দাবী কৰা হৈছে।