তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ ৬ নং ডিফু জনজাতি লোকসভা সমষ্টিত (No. 6 Diphu Tribal Lok Sabha Constituency) শাসকীয় দললৈ বিৰোধী দলৰ নেতা-কৰ্মীৰ যোগদানৰ জোৱাৰ অব্যাহত আছে৷ দেশৰ লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ব ২৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ডিফু লোকসভা আসনখনৰ (Diphu Lok Sabha seat) নির্বাচনী প্রস্তুতিৰ বুজ ল’বলৈ আজি ডিফুত উপস্থিত হয়হি মন্ত্রী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah)।
হেলিকপ্টাৰ লৈ ডিফু ক্রীড়া সন্থাৰ খেলপথাৰত অৱতৰণ কৰা মন্ত্রীগৰাকীয়ে জিলা বিজেপি মুখ্যমন্ত্রী কার্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ এখন যোগদান কার্যসূচীতো অংশ গ্রহণ কৰে। মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি পৰিষদীয় মণ্ডল ধনশিৰি আৰু লুম্বাজং সমষ্টিব এহেজাৰ কংগ্রেছ সমর্থকে বিজেপি দলত যোগদান কৰে।
পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, বিজেপিৰ প্রার্থী অমৰছিং তিছ’, জিলা বিজেপি সভাপতি ৰলেণ্ড কিলিং উপস্থিত থকা যোগদান কার্যসূচীত ভাষণ প্রদান কৰি মন্ত্রী জয়ন্ত মল্লই ডিফুত বিজেপিৰ সবল স্থিতিৰ কথা দাঙি ধৰে। ডিফুত সংবাদমাধ্যমেৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে,