ইডিৰ হাতত গ্ৰেপ্তাৰ (Arrested by ED) প্রসঙ্গত পুনৰ মুখ খুলিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। বৃহস্পতিবাৰে তেওঁক দিল্লীৰ ৰাউছ এভিনিউ কোর্টত হাজিৰ কৰোৱা হয়। আদালতলৈ যোৱাৰ পথত সংবাদ মাধ্যমৰ আগত কেজৰিৱালে জনায় যে তেওঁৰ গ্ৰেপ্তাৰী আচলতে এক ‘ৰাজনৈতিক ষড়যন্ত্র’। উল্লেখযোগ্য যে বৃহস্পতিবাৰে তেওঁৰ ইডি জিম্মাৰ ম্যাদ আৰু চাৰি দিনলৈ বৃদ্ধি (ED custody extended to four more days) কৰা হয়।
ইয়াৰ পূৰ্বে কেজৰিৱালক ছয় দিনৰ ইডি জিম্মাৰ নির্দেশ দিছিল দিল্লীৰ আদালতে। সেই ম্যাদ বৃহস্পতিবাৰে শেষ হয়। তাৰ পাছত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হয়। দিল্লীৰ মুখ্যমন্ত্রীয়ে কয়, ‘‘এইটো এক ৰাজনৈতিক ষড়যন্ত্র। মানুহে ইয়াৰ সঠিক উত্তৰ দিব।’’ আদালতত কেজৰিৱালৰ সৈতে উপস্থিত থাকে পত্নী সুনীতা। অতিশী, গোপাল ৰায়, সৌৰভ ভৰদ্বাজ আদি আপ নেতাসকলো আদালতত উপস্থিত থাকে।
আনহাতে, আদালতত নিজৰ সপক্ষে যুক্তিত কেজৰিৱালে কয়, ‘‘ইডিৰ জিম্মাৰ আবেদনৰ বিৰোধিতা কৰা নাই। তেওঁলোকে যিমান দিন বিচাৰে মোক জিম্মাত ৰাখিব পাৰে। কিন্তু এইটোও এক দুর্নীতি। ইয়াত ইডিৰ দুটা উদ্দেশ্য আছে। প্ৰথম, আপক ভাঙি পেলোৱা। দ্বিতীয়, ইয়াৰ আঁৰত ষড়যন্ত্ৰ চলোৱা।’’