গ্ৰুপৰ চাপত পেলাই দেশৰ ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ (Putting pressure on the judiciary) কৰিব বিচৰাৰ অভিযোগ উত্থাপন (allegations made) কৰি দেশৰ ৬০০ অধিবক্তাই মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ (600 advocates write to CJI) কৰিছে। এই পত্ৰখন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ লগতে হৰিশ ছালভে আৰু পিংকি আনন্দলৈ লিখা হৈছে। তেওঁলোকে অভিযোগ কৰে যে বিশেষ গ্ৰুপে দিনক দিনে ন্যায় ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা নষ্ট কৰাৰ চেষ্টা চলাই আছে। ন্যায়পালিকাৰ তথাকথিত সোণালী যুগক লৈও মিছা অপপ্ৰচাৰ চলাইছে।
তেওঁলোকৰ হেঁচা প্ৰয়োগৰ এই কৌশল ৰাজনৈতিক গোচৰতো স্পষ্ট বুলিও অভিযোগ উত্থাপন হৈছে। লগতে অভিযোগ উত্থাপন হৈছে যে একাংশ অধিবক্তাই দিনৰ ভাগত ৰাজনীতিবিদৰ হৈ গোচৰ যুঁজি আছে, তেওঁলোকক সুৰক্ষা দিছে। কিন্তু তেওঁলোকে পুনৰ নিশা সংবাদ মাধ্যমৰ সহায়ত সিদ্ধান্তক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে। সূত্ৰ অনুসৰি, এই পত্ৰত ৰাজনৈতিক নেতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰা হৈছে। কোৱা হৈছে যে একাংশ ৰাজনৈতিক নেতাই ৰায়দান তেওঁলোকৰ বিৰুদ্ধে গ’লে ন্যায়পালিকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি ন্যায়পালিকা আৰু ন্যায়াধীশৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা চলোৱা হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ মুখ্য ন্যায়াধীশলৈ অধিবক্তাসকলৰ এই পত্ৰখন সংশ্লিষ্ট মহলে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।