এবাৰ দুবাৰ নহয়, ২৩৮ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা (Contested elections 238 times) কৰিছে। প্ৰতিবাৰেই পৰাজিত হৈছে। তথাপিও আশা এৰি দিয়া নাই তেওঁ। নতুন মনোবল লৈ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ওলাইছে তামিলনাডুৰ মেট্টুৰ (Mettu in Tamil Nadu) নিবাসী কে পদ্মৰাজনে (K Padmarajan)। ১৯৮৮ চনত জন্ম চহৰৰ পৰাই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁ যুঁজি আছে। তেওঁ এইবাৰৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তামিলনাডুৰ ধৰ্মপুৰী জিলাত প্ৰতিদ্বন্দ্বিতা কৰিব।
৬৫ বছৰীয়া পদ্মৰাজনৰ এখন পুৰণি টায়াৰ মেৰামতিৰ দোকান আছে। তেওঁ কয়, “মই প্ৰমাণ কৰিব বিচাৰো যে এজন সাধাৰণ মানুহৰো নিৰ্বাচনত যুঁজ দিয়াৰ অধিকাৰ আছে। প্ৰতিজন প্ৰাৰ্থীয়ে জয়ী হ’ব বিচাৰে। কিন্তু মই হাৰিলেও সুখী।” তেওঁ সকলো স্থানীয় বিধানসভা আৰু লোকসভা নিৰ্বাচনত যুঁজিছে।
ইয়াৰ পূৰ্বে তেওঁ নৰেন্দ্ৰ মোডী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং, ৰাহুল গান্ধীৰ বিৰুদ্ধেও যুঁজ দিছিল। কোৱা বাহুল্য যে তেওঁ জয়ী হোৱা নাই। তেওঁ কয়, “জিকাটো মোৰ প্ৰধান লক্ষ্য নহয়। গতিকে বিৰোধী কোন মই সেইটো চোৱা নাই।”
অৱশ্যে জয়লাভ কৰিলে তেওঁ লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিব। তেওঁৰ সৰ্বোত্তম সফলতা আছিল ২০১১ চনৰ বিধানসভা নিৰ্বাচনত। মেট্টুৰ সমষ্টিত ৬,২৭৩টা ভোট লাভ কৰিছিল। অৱশ্যে তেওঁ নিজে কয়, “এটা ভোট পাম বুলিও আশা কৰা নাছিলোঁ।” দোকানখনৰ উপৰি তেওঁ হোমিঅ’পেথী মেডিচিনৰ ব্যৱসায় আৰু স্থানীয় বাতৰিকাকত এখনো চলাই আছে। এই মানুহজনে জীৱনৰ শেষ দিনটোলৈকে নিৰ্বাচনত যুঁজিব বিচাৰে। আৰু এবাৰ জয়ী হ’লে ‘হয়তো আনন্দত হাৰ্ট এটেকো হ’ব পাৰে।’ পদ্মৰাজনে হাঁহি হাঁহি কয়।