খটখটীত
বুধবাৰে সন্ধিয়া ৬ মান বজাত খটখটী আৰক্ষীয়ে (Khatkhati Police) অবৈধ ড্ৰাগছৰ বিৰুদ্ধে লাভ (Seizure of illegal drugs) কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ তত্বাৱধনাত আৰু খটখটী থানাৰ অচি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ তৃতীয় কামাণ্ডো লগতে 20 বিএন চিআৰপি এফৰ দলৰ সহযোগত খটখটী কালিৰাম বস্তিত এক এম্বুশ পাতি এজন যুৱকক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়৷ যুৱকজনৰ পৰা আৰক্ষীয়ে ২২ চাবোনৰ বাকচৰ পৰা 276.90 গ্ৰাম সন্দেহজনক হেৰইন জব্দ (Suspicious heroin seized) কৰিবলৈ সক্ষম হয়৷
ধৃত যুৱতজন মণিপুৰ ৰাজ্যৰ লাংমেই গাঁৱৰ উইডন বৌ পামেইৰ পুত্ৰ উইচানলুংবৌ পামেই বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত খটখটী আৰক্ষীয়ে এনডিপিএছ আইনৰ ধাৰাত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে জব্দ কৰা সন্দেহযুক্ত হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।