কলকাতা বিমানবন্দৰৰ ৰাণৱেত (On the runway at Kolkata airport) এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা (Air India plane crashes) মাৰিলে ইণ্ডিগো বিমানে (IndiGo flight)। বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা। ৰাণৱেত দুখন বিমান বিপদজনকভাৱে ইখনে সিখনৰ ওচৰলৈ অহাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে হতাহতৰ কোনো খবৰ পোৱা নাই।
কলকাতা বিমানবন্দৰত ৰাণৱেত প্ৰৱেশৰ বাবে ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত খুন্দা মাৰে ইণ্ডিগ’ৰ এখন বিমানে। ফলত এয়াৰ ইণ্ডিয়া বিমানখনৰ উইঙৰ এটা অংশ ভাঙি যায়। ইণ্ডিগো বিমানখনৰো এটা উইঙ ক্ষতিগ্ৰস্ত হয়।
বিমান নিয়ন্ত্ৰক ডিজিচিএই ইণ্ডিগ’ বিমানখনৰ দুয়োজন পাইলটক সাময়িকভাৱে নিলম্বন কৰিছে। সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ তদন্তৰ নিৰ্দেশো দিয়া হৈছে।
ডিজিচিএৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক বিষয়টোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিয়া বুলি জনাইছে। ইণ্ডিগ’ৰ দুয়োজন চালকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। গ্ৰাউণ্ড ষ্টাফকো জেৰা কৰা হ’ব। ইণ্ডিগো বিমানখনত চাৰিটা শিশুকে ধৰি মুঠ ১৩৫ জন যাত্ৰী আছিল।