
গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal opposes arrest) উচ্চ ন্যায়ালয়ৰ কাষ (Approach the High Court) চাপিছে। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ শুনানি গ্ৰহণ কৰা হয়। আনহাতে, কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰিছে ইডিয়ে। কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হৈ আদালতত এই অনুৰোধ জনায়। দিল্লীৰ মুখ্যমন্ত্ৰীৰ আবেদনৰ উত্তৰ দিবলৈ তেওঁ আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰিছে। কেজৰিৱালৰ হৈ আদালতত আবেদন দাখিল কৰে অধিবক্তা অভিষেক মনু সিংভীয়ে। শুনানিৰ সময়ত তেওঁ দাবী কৰে যে শুনানিৰ পিছত ইডিয়ে এই কৌশল গ্ৰহণ কৰিছে। একে সময়তে বুধবাৰে আদালতত শুনানিৰ বাবে অনুৰোধ জনায়।
গ্ৰেপ্তাৰৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰে কেজৰিৱালে। সোধা-পোছা নকৰাকৈয়ে কিয় গ্ৰেপ্তাৰ কৰা হ’ল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হয়। কেজৰিৱালৰ অধিবক্তা সিংভীয়ে দাবী কৰে যে আদৰ্শ আচৰণ বিধি প্ৰৱৰ্তনৰ পিছতো মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে ভোটদানৰ ক্ষেত্ৰত সকলো পক্ষৰ সমান সুযোগৰ নীতিৰ ভেঙুচালি হয়। ইডিৰ অধিবক্তাই মঙলবাৰে কেজৰিৱালৰ গোচৰৰ সৈতে জড়িত কাগজ-পত্ৰৰ কপি লাভ কৰা বুলি জানিবলৈ দিয়ে। গতিকে তেওঁলোকক উত্তৰ দিবলৈ তিনি সপ্তাহ সময় দিব লাগে। অৱশ্যে সিংভিয়ে বিষয়টোক ‘ইডিৰ কৌশল’ বুলি অভিহিত কৰে। দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই কয় যে বুধবাৰৰ কোনোবা এটা সময়ত তেওঁ এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।

ইফালে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আপৰ আইনী শাখাই দিল্লী উচ্চ ন্যায়ালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাত ক্ষুব্ধ হৈ পৰে দুজন ন্যায়াধীশ। বুধবাৰে ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমীত প্ৰীতম সিং অৰোৰাই এই প্ৰশ্ন উত্থাপন কৰে যে আদালতৰ চৌহদত কেনেকৈ এই প্ৰতিবাদ অব্যাহত থাকিব? দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে।
আনহাতে, শনিবাৰে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি কেজৰিৱালে কয় যে তেওঁক গ্ৰেপ্তাৰ কৰি জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ ‘অবৈধ’। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে আপৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰে। খণ্ড বিচাৰপীঠৰ পৰ্যবেক্ষণ, “আমি দুয়োপক্ষৰ কথা শুনিছো। এই পৰিস্থিতিত আমি (ৰক্ষা কৰিবলৈ) ইচ্ছুক নহয়। ইডিয়ে ইচ্ছা কৰিলে সঁহাৰি দিব পাৰে।” উচ্চ ন্যায়ালয়ে জামিন দিবলৈ অস্বীকাৰ কৰাৰ পিছতে দিল্লী আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ইডিয়ে। কেজৰিৱালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰে। অৱশ্যে শুনানিৰ পূৰ্বে এই গোচৰ প্ৰত্যাহাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে।











