লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ (Dibrugarh Lok Sabha constituency) বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালে (BJP candidate Sarbananda Sonowal)। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি সভাপতি ভৱেশ কলিতা, অগপ সভাপতি অতুল বৰা আদিৰ উপস্থিতিত মনোনয়ন দাখিল কৰে সৰ্বানন্দ সোনোৱালে।
আনহাতে, সৰ্বানন্দ সোনোৱালক সংগ দিয়া মুখ্যমন্ত্ৰীয়ে পিছত সংবাদ মাধ্যমৰ আগত কয় (The Chief Minister said) যে ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) আঢ়ৈ লাখৰ পৰা তিনি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব (Will win by a margin of three lakh votes)। তেওঁ লগতে অসমত বিজেপি আৰু ইয়াৰ মিত্ৰ দলে মিলি মুঠ ১৩ খন আসনত জয়লাভ কৰিব বুলিও পুনৰ দৃঢ়তাৰে কয়।