
৬ নং ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ (BJP candidate Amarsing Tisso) আজি দলীয় টিকট লৈ গৃহ জিলালৈ আহে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে আৰু বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ সহ দলটোক পাৰখোৱা, লাংহিন, ডকমকা, বকলীয়া, তাৰাবাছা, মানজা আদিত বিপুল আদৰণি জনোৱা হয়৷

তাৰ পাছতেই ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা এখনি আদৰণি সভা৷ সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰাৰ আহৱান জনায় ৷ ভৱেশ কলিতাই নিজৰ ভাষণত কংগ্ৰেছক অচল দুটকীয়া নোটৰ লগত তুলনা কৰি কংগ্ৰেছক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ চৰ্দাৰ আখ্যা দিয়ে৷

আদৰণি সভাত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁ সাংসদ হৈয়ে লোকসভাত স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আৰু সংবিধানৰ ১২৫ তম সংশোধনীৰ বাবে সজোৰে দাবী জনাব বুলি কয় ৷ আনহাতে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সভাপতি ভবেশ কলিতাই স্বায়ত্তশাসিত ৰাজ্যৰ প্ৰসংগটো এৰাই চলি কয় যে সংবিধানৰ ২৪৪ (ক) ধাৰা কাৰ্যকৰীকৰণ পিছত হ’ব৷
এতিয়া আমি নিৰ্বাচনী প্ৰচাৰতহে আহিছো ৷ আনহাতে গৌৱৰ গগৈ শক্তিশালী নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰবি আংলঙত তুলিৰাম ৰংহাঙতকৈ আজিৰ তাৰিখত কোনো শক্তিশালী নেতা নায়৷












