কাছাৰ জিলাত আৰক্ষীৰ এনকাউণ্টাৰত (Cachar Encounter) আহত এজন অপহৰণকাৰী। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ পালইৰবন্দৰ শিবপুৰত মঙলবাৰে সংঘটিত হোৱা এই এনকাউণ্টাৰত শ্ৰীকোনা আলমবাগস্থিত জমিৰ উদ্দিন নামৰ অপৰাধী আহতপ্ৰাপ্ত হয়।
লক্ষীপুৰ গৃহবধু অপহৰণ গোচৰত জড়িত বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে আৰু লগতে সন্তোষ দাস নামৰ আৰক্ষী জোৱান জনো চিকিৎসাধীন হৈ আছে।
কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তোৱে জানিবলৈ দিয়া মতে, যোৱা ১৬ মাৰ্চ পুৱা ৫ টা ৩০ মিনিট মান বজাত পালইৰবন্দৰ শিবপুৰত দুগৰাকী মহিলা প্ৰাত:ভবনত ওলোৱাৰ সময়ত চাৰি গৰাকী দুষ্কৃতিয়ে চোকা অস্ত্ৰৰে ভয় দেখুৱাই অপহৰণৰ চেষ্টা চলায় । দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাক অপহৰণ কৰি লৈ যায় আৰু পিছলৈ ধৰ্ষণৰ চেষ্টা কৰে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক অবগত কৰোৱাৰ পাছত আৰক্ষীয়ে অভিযান চলাই চাৰি গৰাকী দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হয়। তেখেতে কয় যে, কালি ৰাতি এই চাৰি গৰাকী দুষ্কৃতিকাৰীৰ ভিতৰত জমিৰ উদ্দিনক লৈ ঘটনাস্থলীৰ পৰা অস্ত্ৰ উদ্ধাৰৰ বাবে লৈ যোৱা হৈছিল।
ঘটনাস্থলীত লৈ যোৱাৰ সময়ত জমিৰ উদ্দীনে আৰক্ষী জোৱান সন্তোষ দাসক আঘাত কৰি পলাই যোৱাৰ চেষ্টা কৰে। তেনে সময়তে আৰক্ষীয়ে কন্ট্ৰোল ফায়াৰ কৰে। ইয়াৰ ফলত জমিৰ উদ্দীনৰ ভৰিত গুলী লাগে আৰু আহত হয়।” উল্লেখ্য যে, তেওঁ কয়, অভিযুক্ত জমিৰ উদ্দীন গৰু চুৰিৰ ঘটনাতো জড়িত। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।