দেশৰ সাধাৰণ লোকসভা নিৰ্বাচন (Lok Sabha elections)ৰ দিন ঘোষণাৰ সমান্তৰালকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কার্বি আংলং জিলা (Karbi Anglong District) প্রশাসন তথা ৰিটাৰ্ণিং বিষয়াৰ (Returning Officer) কাৰ্যালয়ে। আজি দুপৰীয়া ডিফু আৱর্ত ভৱনত এখন সংবাদমেল (Press Meet) যোগে জিলা আযুক্ত তথা ৰিটার্ণিং বিষয়া মধুমিতা ভাগৱতীয়ে (Returning Officer Madhumita Bhagwati) আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) প্ৰস্তুতি (Preparations for Diphu Lok Sabha seat) সন্দর্ভত সংবাদমাধ্যমক আভাস প্রদান কৰে।
ৰিটার্ণিং বিষয়াগৰাকীয়ে ৩ নং ডিফু জনজাতীয় আসনখনৰ প্ৰস্তুতি সন্দর্ভত কয় যে, ইতিমধ্যে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ পর্যায় ক্রমে সমাপ্ত হোৱাৰ লগতে বিভিন্ন ভোট গ্রহণ কেন্দ্রসমূহলৈ যাবলগীয়া বিষয়াসমূহৰ তালিকাও প্ৰস্তুত কৰি তোলা হৈছে। দেশৰ বাবে ৭টা পর্যায়ত হ’বলগীয়া নির্বাচন অসমৰ বাবে ৩টা পর্যায়ত হ’ব আৰু এই তিনিটা পৰ্যায়ৰ দ্বিতীয় পর্যায়ত ২৬ এপ্রিলত ডিফু লোকসভা আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব বুলি আয়ুক্তগৰাকীয়ে প্রকাশ কৰে।
আয়ুক্তগৰাকীয়ে ডিফু লোকসভা আসনৰ বাবে অহা ২৮ মাৰ্চৰ পৰা মনোনয়ন দাখিল আৰম্ভ হৈ ৪ এপ্রিলত অন্ত পৰিব বুলি জানিবলৈ দিয়ে। ডিফু লোকসভা সমষ্টিত মুঠ ৬টা বিধানসভা সমষ্টি অন্তর্ভুক্ত থকা বুলি উল্লেখ কৰি ডিফু লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৮ লাখ ৯৩ হাজাৰ ৫৮গৰাকী বুলি জানিবলৈ দিয়ে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪ লাখ ৫ হাজাৰ ৩৫৩ গৰাকী বুলি উল্লেখ কৰি মহিলা ভোটাৰৰ সংখ্যা ৪ লাখ ৪৭ হাজাৰ ৬৮৬ গৰাকী বুলি প্রকাশ কৰে।
ডিফু লোকসভা সমষ্টিৰ বাবে কাৰ্বি আংলং জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ৫ লাখ ১২০ হাজাৰ। কাৰ্বি আংলং জিলাত নির্বাচন পৰিচালনা কৰাৰ বাব ২২১২ গৰাকী পুৰুষ আৰু ১৪২ গৰাকী মহিলা বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। ডিফু বিধানসভা সমষ্টিত ১২টা আৰু হাওৰাঘাট বিধানসভা সমষ্টিত ৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়া-কর্মচাৰীয়ে পৰিচালনা কৰিব। জিলাখনৰ নিৰ্বাচন হিংসামুক্ত আৰু শান্তিপূর্ণভাবে পৰিচালনা কৰাৰ বাবে মুঠ ২১৪৪ গৰাকী আৰক্ষী নিয়োগ কৰা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। নির্বাচনী আচৰণ বিধি সম্পর্কেও আজিৰ সংবাদমেলত ব্যাখ্যা আগবঢ়াই আয়ুক্তগৰাকীয়ে। আগন্তুক লোকসভা নির্বাচন সূচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংবাদমাধ্যমৰ সহযোগিতা কামনা কৰে আয়ুক্তগৰাকীয়ে। আজিৰ সংবাদমেলত আয়ুক্তগৰাকীৰ উপৰি আন নির্বাচনী বিষয়া-কর্মচাৰীসকলো উপস্থিত থাকে।