সমগ্র দেশ জুৰি বলৱৎ হোৱা নাগৰিকত্ব সংশোধনী আইনেৰে (Citizenship Amendment Act) উত্তাল প্রতিবাদী কার্য্যসূচী অব্যাহত থকাৰ সময়তে পার্বত্য জিলা তিনিখন ক্ৰমে, পূৱ আৰু পশ্চিম কার্বি আংলং (East and West Karbi Anglong) আৰু ডিমা হাছাওত (Dima Hasao) ‘কা’ আৰু ইউ চিচি বলৱৎ নহয় (‘CAA’ and ‘UCC’ are not in force) বুলি কয় এ এছ ডি চি দল (ASDC Party)ৰ শীর্ষ নেতা জৎছন বেই (Jatson Bay)। আজি ডিফুস্থিত এএছডিচিৰ মুখ্য কার্য্যালয়ত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে জৎছন বে’ই৷
জৎছন বে’ই সংবাদমেল সম্বোধন কৰি কয়যে, এএছভিচি, কেএন চি আৰু কেএছএই যুটীয়া ভাবে স্বায়ত্ত ৰাজ্যৰ দাবী, তিনি পার্বত্য জিলাত ‘কা’ আৰু ইউচিচি বলৱৎ নকৰাৰ দাবী- লগতে অসম-মেঘালয় সীমা সমস্যা সমাধানৰ দাবী জনাই- কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম, তুলিৰাম ৰংহাঙ, মুখ্য “মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় গৃহমন্ত্রীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
উক্ত স্মাৰক পত্র মর্মে যোৱা ১২ মার্চত অসমৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰি স্বায়ত্তশাসিত ৰাজ্য সন্দর্ভত দ্বিপাক্ষিক আলোচনা কৰা, সীমা সমস্যা সমাধান আৰু ‘কা’ লগতে ইউচিচি সন্দর্ভত আলোচনা হয়। মুখ্যমন্ত্রীগৰাকীয়ে এএছডিচি আৰু সহযোগী দলক স্বায়ও ৰাজ্য লৈ অসম চৰকাৰক দ্বিপাক্ষিক আলোচনা নির্বাচনৰ পিছতে অনুষ্ঠিত কৰিব বুলি প্রতিশ্রুতি দিয়ে। অসম-মেঘালয় সীমা সমস্যা চিবি আইক অর্পণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে বুলি সদৰি কৰে বেই৷
আনহাতে তিনি পার্বত্য জিলাত ষষ্ঠ অনুসুচীত আধাৰত তিনি পার্বত্য জিলাত ‘কা’ আৰু ইউচিচি বলবৎ নহয় বুলি প্রতিশ্রুতি প্রদান কৰিছে বুলি জৎজন বেই সংবাদমেলত জানিবলৈ দিয়ে। পিজি আৰ-ভিজি ভিজিআৰ ভূমিত উচ্ছেদ চলাবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আছে কেৱল নিৰাপত্তা ৰক্ষীহে অসম চৰকাৰে যোগান ধৰিব বুলি কয়৷
লোকসভা নির্বাচনত বিজেপিক ঐক্যবদ্ধভাবে পৰাভূত কৰিবলৈ এএছডিচিয়ে কংগ্রেছ আৰু আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিৰে মিত্রতাৰ বাবে প্রস্তাৱ দিছিল যদিও দুয়োটা দলে এএছডিচিক নিৰাশ কৰে বুলি কয়। সেয়ে অহা ২০ মার্চত এএছডিচি দলে নিজাববীয়াকৈ ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) বাবে প্রাৰ্থীৰ নাম ঘোষণা কৰিব বুলি কয় এএছডিচিৰ উপ-সভাপতি জৎছন বে’ই।