নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰত এতিয়া দল বাগৰা ৰাজনীতি তুংগত উঠিছে। আজি ডিফুস্থিত বিজেপিৰ কার্যালয়ত ৫১৮টা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই বিজেপি দলত (BJP) যোগদান কৰে।
পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কার্যসূচীত পৰিষদৰ সিংহাসন সমষ্টিৰ ৮০টা কুকি পৰিয়ালেও বিজেপি দলত যোগদান কৰে । ইয়াৰোপৰি ফুলনি পৰিষদীয় সমষ্টিৰ পৰা ৩০টা, কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ পৰা ৪৮টা, এপিএইচএলচি দলৰ সমর্থনকাৰী আৰু বৰজান পৰুষদীয় সমষ্টি পৰা ৩৬০টা এপিএইচএলচি দলৰ সমর্থনকাৰী পৰিয়ালে বিজেপি দলত যোগদান কৰে ।
এই যোগদান কার্যসূচীত যোগদানকাৰী সকলক ভাৰতীয় জনতা পার্টিলৈ স্বাগতম জনাই মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক দিনত বিজেপি দল অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ কৰে। আজিৰ এই যোগদান কার্যসূচীত আগন্তুক লোকসভা নির্বাচনৰ বাবে দলীয় প্রার্থীৰূপে অৱতীর্ণ হোৱা অমৰছিং তিছ’ও উপস্থিত থাকে।