
মঙলবাৰে সন্ধিয়া ৫ বাজি ৩০ মিনিটত ডিফু চহৰত ‘আইনৰ বিৰুদ্ধে আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আছু ডিফু আঞ্চলিক সমিতিৰ উদ্যোগত ডিফু চহৰত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ‘কা ‘ (CAA) আইনৰ প্ৰতিলি দাহ কৰা হয় ৷

আছুৰ কেন্দ্ৰীয় সহঃ সম্পাদক ছৰ্জুন হাঞ্চেই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, ‘কা’ আইনৰ বিৰুদ্ধে আছুৱে ৰাজপথত গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ অব্যাহত ৰাখিছে ৷ অসম কোনো অবৈধ বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে ৷ প্ৰতিবাদ কাৰী সকলে কা আমি নামানো, কা আমাক নালাগে ৷ মোদী চৰকাৰ হায়, হায়, বিজেপি গ’ বেক, আছু জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে













