
ডিমা হাছাও জিলাৰ থাইজুৱাৰীত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত (Dima Hasao Accident) নিহত হৈছে দুগৰাকী ছাত্ৰী। হামৰি সৰস্বতী বিদ্যামন্দিৰ বিদ্যালয়লৈ পৰীক্ষা দিবলৈ যোৱাৰ পৰত দুগৰাকী ছাত্ৰীক খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে।

উল্লেখ্য যে, ডিয়োংব্ৰা আৰক্ষী থানাৰ অন্তৰ্গত উক্ত বিদ্যালয়খনলৈ যোৱা ২য় শ্ৰেণীৰ ছাত্ৰী ১১ বছৰীয়া ডেবিলিছা থাউচেন আৰু নাৰ্চাৰিত অধ্যয়নৰত ৮ বছৰীয়া নাইচ্ৰিংডি লাউবাংডিচাক নেলচন লংমাইলাইৰ ব্যক্তিগত চাৰিচকীয়া বাহনখনে খুন্দিওৱাত দুয়োগৰাকী ছাত্ৰী গুৰুতৰভাৱে হয় ।
ইফালে ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দুয়োগৰাকী ছাত্ৰীক মৃত ঘোষণা কৰে। এই সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত শোকৰ চাঁ পেলাইছে।













