ASSAM TIMES POST
নিউজ ডেক্সঃ লস্কৰ-ই-তৈবাৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জম্মু আৰু কাশ্মীৰৰ কুল্লান গান্দৰবল অঞ্চলৰ পৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে৷ এই সন্ত্ৰাসবাদীজনক নিছাৰ আহমেদ ধৰ বুলি চিনাক্ত কৰা হৈছে৷ কিছুদিন ধৰি আৰক্ষীয়ে সন্ত্ৰাসবাদীজনৰ অনুসন্ধান অব্যাহত ৰাখিছিল৷ সন্ত্ৰাসবাদীজনে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰিবলৈ আঁচনি লৈ আছিল বুলি প্ৰকাশ৷ শ্ৰীনগৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যুটীয়া অভিমযান চলাই এই সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰে৷ সন্ত্ৰাসবাদীজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে৷