
তিনিখন পাৰ্বত্য জিলাৰ একমাত্ৰ জনজাতীয় সংসদীয় সমষ্টি ডিফুৰ (Diphu parliamentary constituency) পৰা দলীয় প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হোৱা সাংসদ হৰেণ ছিং বে’ই (Haren Sing Bey’) বিজেপিৰ টিকট ঘোষণাৰ পিছত আজি ডিফুত সাংবাদিকৰ সৈতে মুখামুখি (Face-to-face with journalists) হয় ৷ ডিফুস্থিত বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত আজি এখন সংবাদমেল সম্বোধন (Addressing a press conference) কৰে সাংসদ গৰাকীয়ে ৷
কাৰবি আংলং জিলা বিজেপি সভাপতি ৰলেণ্ড কিলিঙ উপস্থিত থকা সংবাদমেলত সাংসদ বে’য়ে কয়যে, এয়াই হ’ল বিজেপি দল ৷ যিটো দলে যিকোনো সিদ্ধান্তৰে সকলোকে আচম্বিত কৰিব পাৰে ৷

দলৰ গুড বুকৰ তুলাচনীত মই স্থান নাপালো, হয়তো মই দলৰ বাবে প্ৰত্যাশিতভাবে কাম কৰিব নোৱাৰিলো তাৰ বাবে মই টিকটৰ পৰা বঞ্চিত হ’লো৷ ইয়াৰ বাবে মোৰ কোনো আক্ষেপ নাই বুলি উল্লেখ কৰি মই দলক হৈ নিষ্ঠা সহকাৰে কাম কৰি যাম বুলি দাবী কৰে৷
সাংসদ গৰাকী কয় যে, ২০১৯ চনত সমগ্ৰ অসমৰ ভিতৰত মই সৰ্বাধিক শতাংশ ভোটেৰে বিজয়ী হৈ আহিছিলো ৷ এইবাৰ দলে অমৰছিং তিচ’ক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দলৰ এই সিদ্ধান্তক মই স্বাগতম জনাইছো৷ অমৰছিং তিচ’ক তিনি লাখৰো অধিক ভোটত বিজয়ী কৰি অনাটোৱেই আমাৰ প্ৰধান লক্ষ্য বুলি সাংসদগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে৷












