
বিজেপি দলে ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) দলীয় প্ৰাৰ্থী ৰূপে অমৰ ছিং তিচ’ৰ (Amar Sing Tiss’) নাম ঘোষণা কৰাৰ পিছৰে পৰা পাহাৰত বিজেপি দল একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে৷ বিৰোধী দলে ঐক্যবদ্ধ প্ৰাৰ্থী থিয় কৰোৱাৰ আলোচনা কৰি থাকোতেই বিজেপি দলৰ কৰ্মকৰ্তা সকল ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা কামেই আৰম্ভ কৰিছে৷ দেশৰ লোকসভা নিৰ্বাচনৰ তাৰিখ নিৰ্বাচন আয়োগে ১৫ মাৰ্চত আনুষ্ঠানিকভাবে ঘোষণা কৰাৰ কথা৷ কিন্তু শাসক দল বিজেপি ইয়াৰ আগতেই প্ৰাৰ্থী ঘোষণা কৰি আগ্ৰাসী ৰূপত তৃতীয়বাৰৰ বাবে দেশৰ শাসন ল’বলৈ ৰণত নামিছে৷ ইয়াৰে অংশৰূপে বিজেপি দলৰ সভাপতি বিজেপি নাড্ডা (BJP party president BJP Nadda)ৰ নিৰ্দেশত আজি ডিফুত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক৷
দলটোৱে মন্ত্ৰীগৰাকীক শিলচৰ, কৰিমগঞ্জ আৰু ডিফু লোকসভা সমষ্টিৰ পৰ্য্যবেক্ষক নিযুক্তি দিছে ৷ আজি পুৱা ডিফুত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ লগত এক বৈঠকত ভাগ লৈ কি কি ইচ্ছু লৈ জনতাৰ কাষলৈ যাব, কি কি কৌশলেৰে বিৰোধীক আক্ৰমণ কৰিব, কিদৰে মোডী চৰকাৰে দিয়া আঁচনিৰ জড়িয়তে জনতা উপকৃত হৈছে সেয়া বুজাব তাৰ ব্যাখ্যা কৰে৷ লোকসভা নিৰ্বাচনটোত ডিফু আসনখন সহজে জয়ৰ মন্ত্ৰ দিয়ে তেওঁ৷ ইয়াৰ পিছতে বিজেপি দলৰ ৱাল পেইণ্টিঙৰ কাৰ্যসূচীত ভাগ লৈ উপস্থিত হয় লাখপতি বাইদেউৰ ঘৰত৷ ডিফু ৰেডিঅ ষ্টেচনৰ ওচৰৰ ৰেংকা টকবিপীৰ ঘৰত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কয় যে এইসকল মহিলা আজি মোডীজীৰ বাবেই লাখপতি হৈছে ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় দেশৰ ৰাইজ অধিৰ আগ্ৰহেৰে ৰৈ আছে কেতিয়া মোডীজীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ভোট দিবলৈ পাব তাৰ বাবে৷

বিগত নিৰ্বাচনতকৈ এইবাৰ এই তিনিটা সমষ্টিত বিজেপি দলে ২০-ৰ পৰা ২৫ শতাংশ বেছি ভোট পাব বুলি তেওঁ দাবী কৰে৷ মোডী চৰকাৰে সমগ্ৰ দেশত বাট-পথ নিৰ্মাণকে ধৰি যিমান উন্নয়ন কৰিলে সেয়া আগতে কেতিয়াও হোৱা নাছিল৷ ডিফুত আহিও তেওঁ দিল্লীৰ দৰেই উন্নতি হোৱা দেখিছে বুলি কয়৷ তেওঁ কয় যে অসমতটো আৰু ডাবল ধামাকা হৈছে৷ প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত দাদাই অসমত উন্নয়নৰ ধল বোৱাইছে৷ ৩০ লাখ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিছে৷ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ এক মন্তব্যৰ আঁত ধৰি তেওঁ কয় পূৰ্বতে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিল দিল্লীয়ে দিয়া উন্নয়নৰ ধনৰ ১% গৈ ৰাইজৰ হাতত পৰিছিল৷ আমাৰ উত্তৰ পূবলৈ ১% অহা নাছিল৷ এতিয়া ১০০ টকাৰ ১০০ টকাই আহে৷
মোডীজীৰ গেৰাণ্টি মানে গেৰাণ্টি বুলি তেওঁ দাবী কৰে৷ মোডীৰ গেৰাণ্টি অনুসৰি বছৰি ২ কোটিকৈ নিৱনুৱাক চাকৰি দিয়া হ’লনে বুলি জানিব বিছৰাত তেওঁ কয় মোডীজীয়ে কোৱা অনুসৰি ১০ বছৰত ২০ কোটিক সংস্হাপন দিব লাগিছিল ৷ কিন্তু কেৱল মুদ্ৰা ঋণৰ জড়িয়তেই ৪৬ কোটি লোকক সংস্হাপনৰ বাট দিছে৷ এতিয়া ৩০ লাখ মহিলাক লাখপতি দিদি বনাব ৷ শেহতীয়াকৈ ১০ লাখক চৰকাৰী চাকৰি দিছে ৷ গতিকে গেৰাণ্টিতকৈ বেছি কাম কৰিছে মোডী চৰকাৰে ৷ মোডীজীৰ নেতৃত্বত তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰি কি কাম কৰিব তাৰো সিদ্ধান্ত হৈ গ’ল বুলি কৈ তেওঁ কয় যে এতিয়া দেশ মোডীময় আৰু ৰামময় হৈ আছে ৷ তাক কোনেও বাধা দিব নোৱাৰে ৷ এইবাৰ ৪০০ত কৈও অধিক আসনত বিজয়ী হৈ বিজেপি দলে দিল্লী দখল কৰিব বুলি দাবী কৰে এইবাৰ ত্ৰিপুৰাৰ পৰা দলীয় প্ৰাৰ্থীত্ব লাভ নকৰা মন্ত্ৰীগৰাকীয়ে৷












