
সোমবাৰৰ পৰা ডিফু (In Diphu)ত আৰম্ভ হৈছে জিলা ভিত্তিত খেল মহাৰণৰ অংশস্বৰূপে মহিলা ১৯ অনুৰ্দ্ধ ফুটবল টুৰ্ণামেণ্ট (Women’s U-19 Football Tournament)৷ ফুটবল, ভলীবল, এথলেটিকচ, খোখো ,কাবাডী এই ৫টা ইভেণ্টৰ বাবে খেল মহাৰণ অনুষ্ঠিত হৈছে৷ সন্ধিয়া ডিফুৰ কাছা স্পৰ্টচ কমপ্লেক্সত (Casa Sports Complex) অসমৰ ৩৫ খন জিলাই অংশ গ্ৰহণ কৰা উদ্ধোধনী খেল খনৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে৷ উদ্ধোধনী মহিলা ফুটবল খেল অনুষ্ঠিত হয় কাৰবি আংলং বনাম নগাওঁৰ (Karbi Anglong vs Nagaon) মাজত৷ উদ্ধোধনী খেলত ঘৰুৱা দল কাৰবি আংলঙে নগাওঁ দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত (Nagaon team beat 2-0) কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰে৷

উদ্ধোধনী খেলত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুঙকে ধৰি প্ৰতিখন জিলাৰ ক্ৰীড়া বিষয়া, বিধায়ক দৰচিং ৰংহাঙ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম এমএচি আৰু কাৰবি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতী ৷ উদ্ধোধনী কাৰ্যসূচীৰ মুখ্য অতিথি হিছাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত খেল মহাৰণত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক অভিনন্দন জনায়৷

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জিলাখনত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ ঐক্যবদ্ধ ভাবে কাম কৰিবলৈ আহ্বান জনায়৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতকাৰ্য হৈ অহা জিলাখনৰ খেলুৱৈসকলক বিষয়া পৰ্যায়ত চৰকাৰীভাবে নিযুক্তি প্ৰদান কৰা হ’ব বুলি কয়৷ কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ ২৬টা পৰিষদীয় সমষ্টিত ক্ৰীড়া সংস্কৃতি স্থাপন কৰিবলৈ ১০ কোটি টকা ব্যয় সাপেক্ষে স্পৰ্টছ কমপ্লেক্স নিৰ্মান কৰা হৈছে বুলি কয়৷ উদ্ধোধনী খেলখনৰ পূৰ্বে জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷












