শনিবাৰে গুৱাহাটী (Guwahati) মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (Srimanta Sankaradeva Kalakshetra) প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী (Chief Minister)য়ে প্ৰাক্তন আলফা সদস্য (Former ULFA member), সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাতপ্ৰাপ্ত, নিৰ্যাতিত পৰিয়াল (Abused family) আৰু নিৰুদ্দিষ্ট সদস্যৰ (Missing Member) নিকটাত্মীয়সকলক আৰ্থিক সাহায্য প্ৰদান (Providing financial assistance) কৰে।
এই অনুষ্ঠানত মুঠ ৯৩৬ গৰাকী প্ৰাক্তন আলফা সদস্যক পুনৰ সংস্থাপন আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ উপৰি এই অনুষ্ঠানত সন্ত্ৰাস নির্মূল অভিযানত আঘাতপ্ৰাপ্ত ৪৫ গৰাকী সদস্যক ৩ লাখ টকাকৈ, ৮ গৰাকী নির্যাতিতাক ৫ লাখ টকাকৈ, ৩১ গৰাকী নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।আনহাতে, ভাৰত চৰকাৰৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সদস্যসমূহৰ মুলসুঁতিলৈ প্ৰত্যাৱৰ্তন আৰু পুনৰ সংস্থাপন আঁচনিৰ অধীনত ৮৫২ গৰাকী প্ৰাক্তন আলফা সদস্যক ৪ লাখকৈ আৰু অসম চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত ৩ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয়।
ইফালে আলফাৰ সংগ্ৰামৰ মাজতে মৃত্যুবৰণ কৰিবলগীয়া হোৱা অন্য ২৩০০ আলফা সদস্যৰ পৰিয়ালক লোকসভা নিৰ্বাচনৰ পিছতে আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে ২০২৩ চনৰ ২৯ ডিচেম্বৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আলফাই।