
কাৰবি আংলং জিলাৰ (Karbi Anglong District) আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ (Sanjeev Kumar Saikia, SP) প্ৰত্যক্ষ প্ৰচেষ্টা আৰু তত্বাৱধানত প্রায় দুটা দশক ধৰি বন্দুক-বাৰুদেৰে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ কৰি এখন স্বায়ত্তশাসিত অথবা এখন পূর্ণাংগ ৰাজ্যৰ দাবীৰে পাহাৰীয়া দুয়োখন জিলা উত্তাল কৰি ৰখা প্রায় দুহেজাৰ বিদ্রোহীয়ে (Two thousand Ex-rebels) এতিয়া কৃষিকর্মত নিয়োজিত (Engaged in agriculture) হৈ দেখুৱাইছে অন্য এক আদর্শ। ২০২১ চনত জিলাখনৰ ৬টাকৈ বিদ্রোহী সংগঠনে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। শান্তি চুক্তি স্বাক্ষৰ কৰা ১৯২৬ গৰাকী কেডাৰক একত্রিত কবি এই ৬ বিদ্রোহী সংগঠনৰ নেতৃত্বই গঠন কৰিছিল কাৰবি এক্স ৰিভল’শ্বনাৰী (Karbi X Revolutionary Unity Forum) নামৰ এখন ঐক্যমঞ্চ। এই ঐক্যমঞ্চৰ জৰিয়তে আৰু জিলা প্রশাসন, জিলা আৰক্ষী প্রশাসনৰ সহযোগত ডিফুৰ পাঁচ মাইলত স্থাপন কৰা এখন স্থানীয় প্ৰজাতিৰ কুকুৰা (Local breeds of chickens) ফার্মৰ পৰা ১০০ কুকুৰা বজাৰত বিক্ৰীৰ বাবে মুকলি (100 chickens open for sale) কৰি দিয়া হয় ।

এই অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (S.P. Sanjeev Kumar Saikia was present)। বিদ্রোহী ঐক্যমঞ্চৰ অন্যতম নেতা লংকি বেয়ে সংবাদমাধ্যমৰ আগত কয় যে, শান্তি চুক্তিৰ দুটা বছৰলৈ আমি একো কৰিব পৰা নাছিলো। অসম আৰক্ষীৰ এডিজিপি হিৰেণ নাথে যুগুৱা উৎসাহ আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়াই আগবঢ়োরা প্রত্যক্ষ সহযোগৰ ফলত কৃষিকর্মৰে আমি নিজকে আত্মনির্ভশীল কৰি তুলিবলৈ কৃষি বিপ্লৱ কৰিবলৈ সাহস লাভ কৰিলো। বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শইকীয়াই আমাক সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াই এইখন ফার্ম গঢ়ি তোলাত সফল কৰি তুলিলে। আমি এইখন ফাৰ্মৰ ওপৰি বোকাজান মহকুমাৰ কুলি গাঁৱত এখন কৃষি পামো গঢ় দিওঁ। উক্ত কৃষি ফার্মত আলুকে ধৰি বিভিন্ন ধৰণৰ পাচলি খেতি কৰি আমি এতিয়া সফলতাৰ মুখ দেখিছোঁ।

আমি এতিয়া উপলব্ধি কৰিয়ে এনে কৃষিকর্ম আৰু ফার্মৰ জৰিয়তে আমি আত্মনির্ভশীল হৈ আমাৰ পৰিয়াল পৰিচালনা কৰাৰ লগতে সমাজৰ বাবে অর্থনৈতিক অৱদান আগবঢ়াবলৈ সক্ষম হ’ম। আমাৰ চুক্তিৰ আধাৰত চৰকাৰৰ পৰা আমি বিভিন্ন উন্নয়নমূলক আঁচনিৰ উপৰি অনির্ভৰশীল আঁচনিও লাভ কৰিছো। এতিয়া আমি কিছু সৰুকৈ আৰম্ভণি কৰিছো যদিও এই সফলতাই আমাক আগন্তুক দিনত বৃহৎ আকাৰৰ পৰিকল্পনা কৰাৰ বাবে সাহস যোগাইছে।

আনহাতে, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত প্রাক্তন বিদ্রোহীসকলৰ এই সফলতাৰ বাবে তেওঁলোকক অভিনন্দন জনায়। শইকীয়াই লগতে কয় যে, বিদ্রোহী সংগঠনকেইটাই শান্তিচুক্তি কৰাৰ পাছত আত্ম নিৰ্ভৰশীল কৰি তোলাৰ বাবে বিভিন্ন প্রচেষ্টা গ্রহণ কৰা হৈছিল। সেই প্রচেষ্টাৰ অংশৰুপে আমি তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলো। আমি তেওঁলোকক এখন কুকুৰা ফার্ম আৰু প্রজনন কেন্দ্র ইয়াত স্থাপন কৰাত সহযোগ কৰিছিলো। আমাৰ পৰিকল্পনা অনুসৰি আমি মাহে প্রায় ৩০ হেজাৰ কুকুৰা ইয়াত উৎপাদন কৰিবলৈ সক্ষম হ’ম বুলি অনুমান কৰিছে। ইতিমধ্যে তেওঁলোকে ব্যৱসায়ীক ভিত্তিত উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু আজি ১০০ কুকুৰা বজাৰলৈ উলিয়াই দিবলৈ পাৰিছে।
একেদৰে ৮০ বিঘামান মাটিত তেওঁলোকে কৃষিকর্মৰে বিভিন্ন পাচলি উৎপাদন কৰিছে। আমি আশাবাদী যে অনাগত দিনত কাৰবি আংলঙৰ বাবে তেওঁলোকে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে নিজেও আত্মনির্ভৰশীল হ’বলৈ সক্ষম হ’ব। লগতে ৰাজ্যৰ অর্থনীতিলৈও তেওঁলোকে অবদান আগবঢ়াবলৈ সক্ষম হ’ব। নর্থ ইষ্ট কেন এন্ড বেম্বো ডেভেলপমেন্ট কাউন্সিলৰ জৰিয়তে এটা প্রকল্প আমি আনিবলৈ সক্ষম হৈছো বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, ইয়াৰ জৰিয়তে প্রায় ১০ হেক্টৰ ভূমিত তেওঁলোকে বাঁহ ৰোপণ কৰাৰ যো-জা চলাইছে। তেওলোকৰ কিছু নেতা আৰু কেভাৰে নেশনেল লাইভলীহুড মিছনৰ জৰিয়তে বৃহৎ প্রকল্পৰ বাবে ঋণৰ আবেদন কৰিছে আৰু ইয়াৰ ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়াইছো।












