ডিফুত (In Diphu) প্ৰথম উপন্যাস লিখিছিল বসন্ত দাসে ৷ আমি পিছতহে উপন্যাস লিখিছিলো৷ আজি ৮৫ বছৰীয়া সাংবাদিক লেখক আমাৰ নগেন বৰাদেৱৰ প্ৰথমখন উপন্যাস “দেউতা ভাল হৈছে” উন্মোচন (Novel launch) কৰিবলৈ পাই মই আনন্দিত হৈছো৷ হোমেন বৰগোহাঞিয়ে লিখিছিল পিতা-পুত্ৰ৷ তেখেতো সাংবাদিক আছিল৷ আজি অসমৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক নগেন বৰাই পাঠকক দিছে তেখেতৰ উপন্যাস ‘দেউতা ভাল হৈছে’৷ উপন্যাসখনৰ নামটোৱেই পাঠকক গ্ৰন্থখন পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব বুলি কয় উন্মোচক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে (Rongbong Terang)৷ ডিফুৰ জনপ্ৰিয় শিল্পী প্লাৱিতা বৰদলৈ শইকীয়াই পৰিবেশন কৰা “ইমান ধুনীয়া মুকুতাৰ মালা- গীতেৰে আৰম্ভ হয় গ্ৰন্থ উন্মোচনী সভা৷ গীতটোৰ সন্দৰ্ভত উন্মোচক তেৰাঙে কয় যে গীতটো শুনি মই নগাঁও কলেজৰ দিনলৈ ওভতি গ’লো৷
মলিন বৰাৰ এই জনপ্ৰিয় গীতটো আমি কলেজত পঢ়ি থাকোতে প্ৰথম শুনিছিলো৷ পিছত প্ৰায়ে ৰেডিঅত গীতটো শুনিছিলো৷ উপন্যাস লিখাতো তাতে ৮৫ বছৰ বয়সত ইমান সহজ নহয়৷ ডিফুক লৈ অৰুণ টেৰণ, ছাৰএৎ হাঞ্চেই কবিতা লিখিছে ৷ মইও ডিফুক লৈ ডিফু নদীৰ পাৰত বহি এখন উপন্যাস লিখিবলৈ কেইবাবছৰ ধৰি চেষ্টা কৰি আছো কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই৷ কিন্তু আমাৰ বৰাদেৱে নতুনকৈ উপন্যাস লিখিলে৷ তাৰ বাবে মই অতি আনন্দিত বুলি কয় উন্মোচক ৰংবং তেৰাঙে৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ বিশিষ্ট অতিথি অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কুসুম্বৰ বৰুৱাই কয় যে এইটো এক ঐতিহাসিক ক্ষণ৷ ৮৫ বছৰ বয়সত সৃষ্টিশীলতাই তেখেতক অহৰহ খুন্দিয়াই আছে আৰু সেয়ে তেখেতে নিৰবিচিন্ন ভাবে লিখি আছে ৷ লেখক সকল বিভিন্ন সংঘাতৰ মুখামুখি হয়৷ সেই সংঘাতৰে বহিপ্ৰকাশ ঘটে তেখেত সকলৰ লেখনিত ৷ লেখক সকল কোনো বাধ্যবাধকতাত থাকিব নিবিচাৰে৷
তাৰ উদাহৰণ হিচাপে তেখেতে অধ্যাপক পদ এৰি লেখক হোৱা জনপ্ৰিয় লেখক অৰূপ কুমাৰ দত্তৰ প্ৰসঙ্গ উল্লেখ কৰে ৷ কালিদাস আৰু ভাবভুতিৰ লেখাক জীৱনৰ সংঘাতময় পৰিবেশনৰ বিষয়েও কয় সুবক্তা বৰুৱাই ৷ তেখেতে কয় গল্প আৰু উপন্যাসত এখন সমাজৰ প্ৰতিফলন দেখা যায়৷ পদ্মশ্ৰী তথা বালিমাহীৰ কবি ধনেশ্বৰ ইংতিয়ে সভাপতিত্ব কৰা সভাখনত লেখকৰ অনুভৱ ব্যক্ত কৰি লেখক নগেন বৰাই কয় যে মই লিখি আছো বাবেই জীয়াই আছো। এয়াই মোৰ বাবে অক্সিজেন৷ সভাপতি ধনেশ্বৰ ইংতিয়ে নিজৰ ভাষণত সাংবাদিক নগেন বৰাৰ লগত থকা সান্নিধ্য , কেনেকৈ তেওঁ বাতৰি কৰাক বাবেই চৰকাৰী চাকৰি এৰিছিল সেয়া কোৱাৰ লগতে এটি কবিতা পঢ়ি সকলোকে কয় যে ৮৫ বছৰীয়া নগেন বৰা আমাৰ বাবে প্ৰেৰণা৷ তেখেতে আৰু গ্ৰন্থ লিখক আৰু সমাজক দিয়ক৷