ASSAM TIMES POST
নগাঁওঃ যি সময়ত ৰাজনৈতিক পাকচক্ৰত ভাৰতৰ ভিন্ন প্ৰান্তৰ জনগোষ্ঠীগত পৰিচয় আৰু ভাৰতীয় মহাসত্তাৰ অস্তিত্ব সম্পৰ্কে মানুহ ক্ৰমাৎ সন্দিহান হৈ পৰিছে, সেই সময়তে সংস্কৃতিৰ অমোঘ মন্ত্ৰ লৈ সেই সংশয় নিৰসনত ব্ৰতী হৈছে শিল্পী ৰঞ্জন বেজবৰুৱাৰ দৰে মুষ্টিমেয় সংস্কৃতিপ্ৰাণ ব্যক্তি। ৰঞ্জন বেজবৰুৱাই ইটোৰ পাছত সিটোকৈ অসমৰ যাউতিযুগীয়া লোকগীত সংস্কৃতৰ দৰে ভাৰতৰ উমৈহতীয়া ভাষিক-পৰম্পৰালৈ তৰ্জমা কৰি গাই ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ অন্য এক নজিৰ ডাঙি ধৰিছে সংস্কৃত গীতৰ অসমীয়া শিল্পীজনে।
এই চিন্তাৰেই শিল্পী গৰাকীয়ে অসমৰ পশ্চিমাঞ্চলৰ লোক-ঐতিহ্যক প্ৰতিফলিত কৰা আৰু গোৱালপৰীয়া বা দেশী গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেই জনপ্ৰিয় কৰা বৈৰাগ্যভাৱৰ গীত ‘একবাৰ হৰি বলো মন’ সংস্কৃত ভাষাত বাণীবদ্ধ কৰি ৰঞ্জন বেজবৰুৱাই প্ৰেৰণ কৰিছে দিল্লী দূৰদৰ্শন কেন্দ্ৰলৈ। সম্পূৰ্ণ ভাৰতীয় দাৰ্শনিক ভাৱৰ গীতটিৰ লগতে অৱশ্যে তেওঁ ‘কমলা সুন্দৰী নাচে’, মৰি হে, মৰি হে, মৰি হে শ্যাম’, ‘দিনে দিনে খঁচিয়া পৰিবে’ ‘হে মাই যশোৱা’, ‘কানাই পাৰ কৰা হে’ আদি ভালেখিনি গোৱালপৰীয়াপৰীয়া আৰু কামৰূপী লোকগীত সংস্কৃতলৈ ভাঙনি কৰিছে।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক নাৰায়ণ দত্ত মিশ্ৰৰ অনুবাদ-সম্পাদনা তথা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীতেৰে সমৃদ্ধ ‘চিত্তে হৰি ওম্ ৱদ ৰসনে, মানৱদেহে গৌৰৱং কুৰু মা’ শীৰ্ষক সংস্কৃত- অনূদিত গীতটি কাইলৈ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হ’ব। ডিডি নিউজে চাৰি নৱেম্বৰৰ সন্ধ্যা সাত বজাত সংস্কৃত অনুষ্ঠান ‘বাৰ্তাৱলী’ত গীতটি নৱবৰ্ষৰ বিশেষ নিৱেদনৰূপে প্ৰচাৰ কৰিব বুলি নিশ্চিতৰূপে জানিব পৰা গৈছে। উল্লেখ্য , দীৰ্ঘ দিন ধৰি ৰঞ্জন বেজবৰুৱাই ভাৰতীয় সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাকো সংগীতৰ মাধ্যমেৰে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা কৰি আহিছে, যাৰ দ্বাৰা দেশীয় ভাষা-কৃষ্টি উভয়েই সমৃদ্ধ হৈছে। শেহতীয়াকৈ অনূদিত আৰু মৌলিক সংস্কৃত গীতেৰে উন্মোচন কৰিছে ‘আনন্দিনী’ শীৰ্ষক এটি শ্ৰৱ্য চিডিও।