বিনিয়োগ বেংকিং প্ৰতিষ্ঠান জেফ্ৰিজৰ এক অৰ্থনৈতিক মূল্যায়ন (An economic assessment of Jeffrey) প্ৰতিবেদনত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন সফল হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। সংস্থাটোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০২৭ চনৰ ভিতৰত (India by 2027) ভাৰতে জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি (world’s third largest economy) হিচাপে পৰিগণিত হ’ব।
প্ৰতিবেদনত কোৱা হৈছে, “এটা দশক পূৰ্বে ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে নৱম বৃহত্তম আছিল। বৰ্তমান ই ৩ লাখ ৪০ হাজাৰ কোটি ডলাৰেৰে পঞ্চম স্থানত উপনীত হৈছে। আগন্তুক চাৰি বছৰৰ ভিতৰত ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’ব। ই হ’ব বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি।”
উল্লেখযোগ্য যে যোৱা বছৰ লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল, “২০২৭ চনৰ ভিতৰত জাপান আৰু জাৰ্মানীৰ পিছত ভাৰত তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’ব। আমাৰ লক্ষ্য হৈছে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকীৰ পূৰ্বে ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱা।” অৰ্থনৈতিক বিশেষজ্ঞৰ এটা অংশৰ মতে, মোডীৰ দ্বিতীয় সপোন পূৰণৰ বাবে বাৰ্ষিক ৯-১০ শতাংশ স্থায়ী বিত্তীয় বৃদ্ধিৰ প্ৰয়োজন।
কিন্তু জেফ্ৰিছে ভৱিষ্যদ্বাণী কৰিছে যে বিশ্বৰ বৰ্তমানৰ ৰাজনৈতিক আৰু আৰ্থিক পৰিস্থিতি ইয়াৰ অনুকূল নহয়। কিন্তু একে সময়তে প্রতিবেদনত কোৱা হৈছে যে বিশ্বৰ অধিকাংশ উন্নত আৰু বৃহৎ অর্থনীতিৰ বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ পাছতো ভাৰতে কমেও ছয় শতাংশ বৃদ্ধি বজাই ৰাখিব৷ প্ৰতিবেদনত কোৱা হৈছে, “২০৩০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ১ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি আমি বিশ্বাস কৰোঁ।”