সোমবাৰে ভাৰতীয় ৰে’লৱে ব’ৰ্ডে (Board of Railways of India) গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত (On the Brahmaputra in Guwahati) দ্বিতীয়খন ৰে’ল তথা পথ দলঙৰ বাবে এনএফ ৰে’লৱেলৈ অনুমোদন (Approval for second rail and road bridge) পত্ৰ প্ৰদান কৰে।
১.২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন শৰাইঘাটতে নিৰ্মাণ হ’ব। নতুন ৰে’ল তথা পথ দলংখন নিৰ্মাণৰ জৰিয়তে ৭.০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আজ্ঞাঠুৰী-কামাখ্যা অংশৰ ৰে’ল লাইন দ্বৈত লাইন কৰাৰ অংশ বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়ে। তিনি লেনযুক্ত পথ আৰু দ্বৈত লেনৰ ৰে’লপথকে ধৰি এই প্ৰকল্পটোৰ মুঠ ব্যয় হ’ব ১৪৭৩.৭৭ কোটি টকা।
উল্লেখযোগ্য যে সোমবাৰে ৰে’লৱে ব’ৰ্ডে এনএফ ৰে’লৱেৰ লামডিং-ফৰকাৰ্টিং অংশ (১৪০ কিলোমিটাৰ) দ্বৈত কৰাৰো অনুমোদন জনায়। ইয়াৰ বাবে আনুমানিক ব্যয় ২১২৩.৭ কোটি টকা ধার্য কৰা হৈছে। এই দুয়োটা প্ৰকল্পতে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছে।
সোমবাৰে এনএফ ৰে’লৱেৰ চিপিআৰঅ’ সব্যাসাচী ডেয়ে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয়, “বৰ্তমানৰ শৰাইঘাট দলংখন একক লেনৰ হোৱা বাবে এক বাধা আছিল। এতিয়া দ্বিতীয়খন দলঙে অধিক ৰে’ল চলোৱাত সহায় কৰিব।”
আনহাতে, ১৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-ফৰকাটিং পথৰ দ্বৈত ৰে’ল পথে নাগালেণ্ড আৰু অসমৰ পূব অংশলৈ যাত্ৰী আৰু মালবাহী যাতায়াতৰ ক্ষেত্ৰত এক বৃহৎ গতি প্ৰদান কৰিব বুলিও বিষয়াগৰাকীয়ে কয়।