ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

যোৱা পাঁচ দিনে সন্ধানহীন নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা কাজিৰঙাৰ গঁড় হত্যাকাৰী চোৰাং চিকাৰীঃ

অজন্তা তালুকদাৰ, বোকাখাত:

Staff Reporter by Staff Reporter
February 2, 2024
Reading Time: 1 min read
A A
0
যোৱা পাঁচ দিনে সন্ধানহীন নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা কাজিৰঙাৰ গঁড় হত্যাকাৰী চোৰাং চিকাৰীঃ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাজিৰঙাৰ গঁড় হত্যাকাৰী চোৰাং চিকাৰী যোগে পেগু ওৰফে জগুৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) কটকটীয়া নিৰাপত্তা ব্যৱস্থাক বৃদ্ধাংগুষ্ঠ দেখুৱাই যোৱা ২২ জানুৱাৰীত অগৰাতলী বনাঞ্চলৰ মাকলুং আৰু ম’হপৰা শিবিৰৰ এলেকাত উদ্ধাৰ হৈছিল দুটাকৈ খড়্গহীন গঁড়ৰ মৃতদেহ।

গঁড় হত্যাকাৰী
সন্ধানহীন ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা কাজিৰঙাৰ গঁড় হত্যাকাৰী চোৰাং চিকাৰীঃ

তাৎপৰ্যপূৰ্ণভাৱে মাটিত পুতি থোৱা অৱস্থাত এটা খৰ্গ যোৱা ২২ জানুৱাৰীত কাজিৰঙাৰ আগৰাতলী বনাঞ্চলত দুটাকৈ খড়্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল। ক্ৰমে মাকলুং আৰু ম’হপৰা শিবিৰৰ এলেকাৰ ভিতৰত দুটাকৈ গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে লৈ গৈছিল খড়্গ। আৰক্ষী অধীক্ষক ৰাজেন সিঙৰো বক্তব্যত প্ৰকাশ পাইছিল এই দুটা গঁড় হত্যাৰ ক্ষেত্ৰত চোৰাং চিকাৰীয়ে চলাইছিল বছৰজোৰা প্ৰস্তুতি।কিয়নো কাজিৰঙাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া নিৰাপত্তা ব্যৱস্থা আছিল চোৰাং চিকাৰীক প্ৰতিহত কৰিব পৰাকৈ অতি কটকটীয়া। কিন্তু তথাপিও পুনৰাবৃত্তি ঘটিল গঁড় হত্যাৰ।

বিশেষ সূত্ৰৰ পম খেদি বোকাখাত উপ জিলাৰ বৰবালিত আৰক্ষীয়ে আটক কৰিছিল যোগে পেগুক।আৰক্ষীৰ মতে এই ক্ষেত্ৰত ভালেকেইজন স্থানীয় লোকে যোগে পেগুক গ্ৰেপ্তাৰ আৰু খড়্গ উদ্ধাৰত সহায় কৰিছে।যোগে পেগুৱে শতকৰা ৯০ ভাগ আৰক্ষীক সহযোগ কৰিছিল যদিও ১০ ভাগ কথাৰে আৰক্ষীক বিভ্ৰান্তও কৰিছিল বুলি জনায় আৰক্ষী অধীক্ষকে।

ইয়াৰ মাজতে ২৮ জানুৱাৰীত যোগে পেগুৱে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে আনটো খড়্গ পুতি থোৱা বুলি আৰক্ষীক জনোৱাত যোগেক লগত লৈ নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ লওঁতেই হেণ্ডকাফ সহ নদীত জাঁপ দিয়ে। হেণ্ডকাফ ধৰি থকা আৰক্ষী যোৱান এজনো পানীত পৰি যায় আৰু উদ্ধাৰৰ বাবে আন এজন জোৱানেও জাপ দিয়ে। আৰক্ষী দুগৰাকী উদ্ধাৰ হ’ল যদিও হেণ্ডকাফ সহ বিশাল ব্ৰহ্মপুত্ৰত জাপ দিয়া চিকাৰী যোগে পেগু আজিও নিখোজ।

ইফালে সূত্ৰ ভিত্তিত বুধবাৰে নিশা গোলাঘাটৰ আৰক্ষী অধীক্ষক, নুমলীগড় আৰু বোকাখাত আৰক্ষীৰ অভিযানত বোকাখাত উপ জিলাৰ লৱনঘাটৰ বিলাস পেগুৰ ঘৰৰ বাৰীৰ পৰা উদ্ধাৰ কৰিছে গঁড়ৰ খড়্গৰ তলৰ, নাকৰ ওপৰত থকা এটা বিশেষ অংগ। এই অংশটো দ্বিতীয় গঁড়টোৰ খড়্গ বুলি অনুমান কৰিছে আৰক্ষীয়ে।এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিলাস পেগু আৰু তেওঁৰ পত্নী মেনকা পেগুক। বছৰৰ প্ৰথম মাহতে দুটাকৈ গঁড় হত্যা কৰা ঘটনাই নিশ্চিত কৰিছে যে কাজিৰঙা এতিয়াও বিপদমুক্ত নহয়।

গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ মতে খড়্গৰ বজাৰখন আন্তঃৰাষ্ট্ৰীয় বজাৰ। কাজিৰঙাত হত্যা কৰা গঁড়ৰ খড়্গ মণিপুৰ, নাগালেণ্ড, ম্যানমাৰহৈ চীন দেশলৈকে প্ৰসাৰিত। কঠোৰ আৰক্ষী বিষয়া গৰাকীয়ে সকীয়াই দিছে, কাজিৰঙাত গঁড় হত্যা ৰোধৰ বাবে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আৰক্ষী।

এতিয়াও সময় আছে, জড়িত সকলে তৎকালীন ভাৱে আত্মসমৰ্পন কৰক। অন্যথা পৰিণতিৰ বাবে সাজু থাকক।কিয়নো আৰক্ষীৰ হাতত এতিয়া সকলো তথ্য মজুত আছে।মাত্ৰ সময়ৰ সুযোগৰ অপেক্ষাত আৰক্ষী।সময়ৰ সদব্যৱহাৰ কৰিয়েই বুধবাৰে ৰাতি লৱনঘাটত চলোৱা অভিযানত সফল হৈছে আৰক্ষীৰ।

Tags: পলায়ন কৰা কাজিৰঙাৰ গঁড় হত্যাকাৰী চোৰাং চিকাৰীঃযোৱা পাঁচ দিনে সন্ধানহীন নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই
Share4Tweet3Send

Related Posts

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx