
চুপাৰি ছিণ্ডিকেটৰ (Supari Syndicate) প্ৰসংগক কেন্দ্ৰ কৰি কেইমাহমান পূৰ্বে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক চাঞ্চল্যৰ লগতে উক্ত বিতৰ্কত নাম সাঙুৰ খাই আটাছুৰ সভাপতিৰ পদ এৰিবলগীয়া হোৱা মিলন বুঢ়াগোঁহাই (Milan Buragohai) অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ (Getting bail) কৰি আজি ডিফুত উপস্থিত হয়। বিগত প্ৰায় ছমাহ কাল আত্মগোপন কৰি থকাৰ অন্তত আজি ডিফু সদৰ থানাত উপস্থিত হয়।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন আটাছু নেতাগৰাকীয়ে বিতৰ্কিত অডিঅʼ ক্লিপটোত থকা কণ্ঠ তেওঁৰ নহয় বুলি কৌশলী মন্তব্য কৰে বুঢ়াগোঁহায়ে। লগতে, লাচিত গগৈৰ সৈতে কোনো ধনৰ লেনদেন নাই বুলি দাবী কৰাৰ লগতে লাচিত গগৈ কেৱল ভাল বন্ধু বুলিহে আখ্যা দিয়ে বুঢ়াগোঁহায়ে।প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে চুপাৰি ছিণ্ডিকেটক কেন্দ্ৰ কৰি লাচিত গগৈ আৰু মিলন বুঢ়াগোঁহাইৰ মাজৰ বাৰ্তালাপৰ অডিঅʼ ক্লিপিং সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগতে এই প্ৰসংগত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নামো উল্লেখ হৈছিল।
ইয়াৰ পিছতে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ডিফু সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰাৰ পিছৰে পৰাই আত্মগোপন কৰি আছিল তদানীন্তন আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহাই। ইয়াৰ বিপৰীতে ডিফু আৰক্ষীয়ে এই সন্দৰ্ভত বহিষ্কৃত বিজেপি নেতা লাচিত গগৈ আৰু বোকাজানৰ দুই সাংবাদিককো গ্ৰেপ্তাৰ কৰিছিল।













