![]()
খটখটীত ২৫ কুইন্টল বাৰ্মিজ চুপাৰিসহ ট্ৰাক জব্দ
চালক-হেণ্ডিমেনক আটক
বাৰ্মিজ চুপাৰিৰ (Burmese supari) অবৈধ সৰবৰাহক কেন্দ্ৰ কৰি গঢ়ি উঠা ছিণ্ডিকেটৰ প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্য তোলপাৰ হৈ থকাৰ সময়তে আজি বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰিসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণ অনুসৰি, ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আজি বিয়লি খটখটী আৰক্ষীয়ে নিয়মীয়া তালাচী চলায়।

আৰক্ষীৰ উক্ত তালাচীৰ সময়তে আৰক্ষীৰ দলটোৱে এএছ-২৬-এচি-১০৮০ নম্বৰৰ ছয়চকীয়া ট্ৰাকখনত চলোৱা তালাচীৰ সময়ত ট্ৰাকখনত এক গোপন চেম্বাৰ থকাৰ বিষয়ে জানিব পাৰে। লগে লগে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি খটখটী থানালৈ নিয়াৰ পিছত গোপন চেম্বাৰ কাটি চেম্বাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ২৫৭০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা চুপাৰিখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে নি থকা হৈছিল বুলি জানিব পৰা গৈছে।
জব্দ হোৱা চুপাৰিখিনিৰ বিপৰীতে কোনো বৈধ নথি প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত চালক আৰু হেণ্ডিমেনজন ক্ৰমে বৰপেটা জিলাৰ কলগাছিয়াৰ আকবৰ আলি আৰু মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।













