
বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ মান বজাত বোকাজান (Bokajan) মহকুমাৰ শুকানজানৰ (Sukanjan) চিৰামিলৰ কাষত ভয়ঙ্কৰ অগ্নিকাণ্ড (Fire) সংঘটিত হয় ৷ অগ্নিকাণ্ডটোত ৰান্তা সাহ নামৰ এজনী মহিলা দুখন ঘৰ ৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবা সহস্ৰাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত হয়৷

জানিব পৰা মতে উক্ত অগ্নিকাণ্ডত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ হয় ৷ ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ আনহাতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন পলমকৈ অহাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে ঘৰৰগৰাকীয়ে৷












