মণিপুৰত পুনৰ অস্থিৰতাই বিৰাজ (Unrest in Manipur again) কৰিছে। ৰাজ্যিক আৰক্ষী, বিএছএফ আৰু অসম ৰাইফলছৰ পিছত, এইবাৰ সশস্ত্ৰ বাহিনী ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন (Indian Reserve Battalion) (আইআৰবি) জনতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মঙলবাৰে ইম্ফলৰ চিংগৰেল তেজপুৰত আইআৰবি পঞ্চম বেটেলিয়নৰ এটা চকীত সশস্ত্ৰ জনতাই আক্ৰমণ কৰে। স্থানীয় সূত্ৰ অনুসৰি, পোষ্টটোত নিয়োজিত জোৱানসকলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। সংঘৰ্ষত এজন লোক নিহত (One person killed) হয়। আনহাতে, দুজন গুৰুতৰভাৱে আহত (Two seriously injured) হয়। মৃত ব্যক্তিজনক অক্ৰাম সনাতন বুলি চিনাক্ত কৰা হৈছে। ২৪ বছৰীয়া লোকজন ইম্ফল পূব জিলাৰ পাংগেই অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।