অশান্ত মণিপুৰত (Manipur Violence) পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসম ৰাইফলছ (Assam Rifles)। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি চম্ভালিবলৈ নিয়োজিত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ পূর্বেও উত্থাপন হৈ আহিছে৷ এই পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি এইবাৰ মণিপুৰৰ ৪০ জন মেইটেই বিধায়কে ৰাজ্যৰ পৰা অসম ৰাইফলছক অপসাৰণৰ দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁলোকৰ দাবী উল্লেখ কৰি এখন পত্ৰ লিখিছে।
পত্ৰখনত অসম ৰাইফলছৰ পৰিৱৰ্তে মণিপুৰত ‘বিশ্বাসযোগ্য নিৰাপত্তা বাহিনী’ মোতায়েন কৰিবলৈ দাবী জনোৱা হৈছে। মণিপুৰৰ হিংসাৰ প্ৰথম দিনৰে পৰাই বাৰে বাৰে বিতৰ্কত লিপ্ত হৈ আহিছে অসম ৰাইফলছ।
মেইটেইসকলে তেওঁলোকে কুকিসকলক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে। ম্যানমাৰ সীমান্তৰ মাজেৰে অসম ৰাইফলছে পোনপটীয়াকৈ ৰাজ্যখনত অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে মেইটেই সংগঠনে। কিছুদিন পূৰ্বে মণিপুৰ আৰক্ষীয়েও অসম ৰাইফলছৰ বিৰুদ্ধে অসহযোগৰ অভিযোগ উত্থাপন কৰিছিল।
অসম ৰাইফলছৰ বিষয়াসকলে মেইটেইৰ ওপৰত অত্যাচাৰৰ অভিযোগত কুকিসকলক আশ্ৰয় দিয়াৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে অসম ৰাইফলছে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰে।