দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ সৈতে উপস্থিত থাকে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃবৃন্দ৷ আনহাতে প্ৰধানমন্ত্ৰীক অসমলৈ আদৰিবৰ বাবে বিমানবন্দৰৰ বাহিৰত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷
অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয়৷ প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰালৈ ৰাওনা হয়৷ তাত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে এক বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত উক্ত বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷
আনহাতে, দেওবাৰে দনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব৷ উক্ত সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব৷