আজি ১৭ ছেপ্টেম্বৰত ৭৪ বছৰত ভৰি দিলে প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । এই উপলক্ষে তেওঁ কেইবাটাও প্ৰকল্প দেশবাসীৰ নামত উছৰ্গা কৰে। দেওবাৰে নতুন দিল্লীৰ দ্বাৰকাত এছিয়াৰ সৰ্ববৃহৎ ‘যশোভূমি’ (Yashobhoomi) আন্তর্জাতিক সন্মিলন আৰু এক্সপো চেণ্টাৰৰ প্রথম পৰ্যায়ৰ তেওঁ উদ্বোধন কৰে। যশোভূমি প্রকল্পটি প্রায় ৫,৪০০ কোটি টাকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ৮.৯ লক্ষ বর্গমিটাৰ এলেকাজুৰি আন্তর্জাতিক মানদণ্ডৰ এই কনফাৰেন্স চেণ্টাৰত আছে ১৫ টা সন্মিলন কক্ষ, এটি গ্ৰেণ্ড বলৰুম আৰু ১৩ টা সভাকক্ষ।

১১ হাজাৰ লোক একেলগে বহাৰ সুবিধা আছে আন্তর্জাতিক মানদণ্ডৰ এই কনফাৰেন্স চেণ্টাৰত। কেৱল ‘যশোভূমি’ৰ উদ্বোধনে নহয়, দিল্লী বিমানবন্দৰ মেট্রো এক্সপ্রেছ লাইনৰ সম্প্রসাৰণৰো শুভ আৰম্ভণি হয় প্রধানমন্ত্রীৰ হাতেৰে। আনুষ্ঠানিকভাবে ১৩ হাজাৰ কোটি ‘প্রধানমন্ত্রী বিশ্বকর্মা কৌশল যোজনা’ও আৰম্ভ হয় আজি। শিল্পী, কাৰিকৰ, ক্ষুদ্ৰ ব্যৱসায়ীসকলক আর্থিক সাহায্য প্ৰদান কৰা হ’ব এই প্রকল্পৰ জৰিয়তে। উল্লেখযোগ্য যে অহা বছৰ লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই প্ৰকল্পবোৰ হাতত লোৱা বুলি অনুমান কৰিব পাৰি।
#WATCH | Delhi: Prime Minister Narendra Modi reaches India International Convention and Expo Centre (IICC), called ‘YashoBhoomi’, at Dwarka. pic.twitter.com/WgkVpWlcED
— ANI (@ANI) September 17, 2023
VIDEO | PM Modi inaugurates the India International Convention and Expo Centre (IICC) – 'Yashobhoomi' – in Delhi's Dwarka. pic.twitter.com/xEYoMDMn91
— Press Trust of India (@PTI_News) September 17, 2023
জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাত এই ‘যশোভূমি’ নামৰ ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপো চেণ্টাৰ (IICC) ৮.৯ লাখ বর্গমিটাৰৰো অধিক প্রকল্প এলেকা আৰু ১.৮ লাখ বর্গমিটাৰৰো অধিক এটি নিৰ্মাণ এলেকাজুৰি বিস্তৃত এই কেন্দ্রটো সৰ্ববৃহৎ MICE (মিটিং, ইনচেনটিভ, কনভেনচন এণ্ড এক্সপো) সুবিধাবোৰৰ মাজৰ এটি হ’ব।
ইয়াত ১৫ টা সন্মিলন কেন্দ্র আৰু ১১ হাজাৰ লোকৰ বহাৰ ব্যৱস্থা আছে। যশোভূমি হ’ব বিশ্বৰ সৰ্ববৃহৎ প্রদর্শনী হলবোৰৰ ভিতৰত এটি। ১.০৭ লক্ষ বর্গমিটাৰৰো অধিক এলেকাজুৰি নির্মিত এই কনফাৰেন্স চেণ্টাৰ প্রদর্শনী, বাণিজ্য মেলা আৰু ব্যৱসায়িক ইভেণ্ট আয়োজনত ব্যৱহৃত হ’ব।
অডিটৰিয়ামটোৰ মাজত কাঠেৰে তৈয়াৰ কৰা আৰু দেৱালত আছে বিশেষ কাৰুকার্য। যশোভূমিৰ আৰু বিশেষত্ব হৈছে, এই চেণ্টাৰৰ ছাদৰ ওপৰত থকা সৌৰ পেনেলত বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা আছে। ইতিমধ্যে এই চৌহদে CII-ৰ গ্রিন চিটিৰ প্ল্যাটিনাম চার্টিফিকেট লাভ কৰিছে।